নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিকুৰি মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বদলিত ছাত্ৰ-ছাত্ৰীৰ কান্দোন

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : চৰাইদেউ জিলাৰ সাপেখাতী শিক্ষাখণ্ডৰ অন্তৰ্গত উজনিকুৰি মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক প্ৰাৰ্থপ্ৰতিম বৰগোহাঁই আজি বিদ্যালয়খনৰ পৰা হঠাৎ শিৱসাগৰৰ ডিমৌলৈ বদলি হোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা আৱেগিক হৈ পৰে। শিৱসাগৰ নগৰৰ হাবিৰাম পথৰ নিবাসী প্ৰাৰ্থপ্ৰতিম বৰগোহাঁয়ে উজনিকুৰি মজলীয়া বিদ্যালয়ত ২০১২ বৰ্ষত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল। বৰগোহাঁইৰ নেতৃত্বত বিদ্যালয়খনে শিশু বৈজ্ঞানিক আৰ্হি প্ৰৰ্দশনৰ বাবে ৰাজ্যিক পৰ্যায়লৈ তিনিবাৰকৈ নিৰ্বাচিত হৈছিল। শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ অতিক্ৰম কৰি সাপেখাতী অসম-অৰুণাচল সীমান্তৱৰ্তী উজনিকুৰি মজলীয়া বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছিল। বিদায় সময়ত ছাত্ৰ-ছাত্ৰীসকলে কান্দোনত ভাগি পৰে।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like