আলফা স্বাধীনত মোক্ষম আঘাতঃ ধনী অসম-জাগৰণ অসমৰ আত্মসমৰ্পণ
নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ শেহতীয়াকৈ আলফা স্বাধীনত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে যোগদানৰ বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ সময়তেই আলফা স্বাধীনৰ দুজন দুৰ্ধষ সদস্য আৰক্ষী আৰু সেনাৰ হাতত ধৰা পৰাৰ পাছত আত্মসমৰ্পণ কৰা বাতৰি পোৱা গৈছে। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ গভীৰ অৰণ্যত সেনা- আৰক্ষীৰ ব্যাপক উগ্ৰপন্থীবিৰোধী অভিযানত ম্যানমাৰৰ আলফা স্বাধীনৰ শিৱিৰৰ পৰা নামি অহা আলফাৰ এটা সাতজনীয়া দলৰ দুজন আটক হোৱাৰ পাছত নিৰাপত্তা বাহিনীৰ ওচৰৰ আত্মসমৰ্পণ কৰে। উজনিৰ ডি আই জি জিৎমল দলেৰ নেতৃত্বত উগ্ৰপন্থী বিৰুদ্ধে চলা এই অভিযান দলটোৰ সদস্য ধনী অসম ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ধনী অসমৰ পৰা এটা HK 33 ৰাইফল, তিনিটা মেগজিন, এটা চাইনিছ গ্ৰেনেট আৰু ৯০ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষীয়ে। ধনী অসম আত্মসমৰ্পণ কৰাৰ পিছত সাত জনীয়া দলটো ছেদেলি ভেদেলি হৈছিল ঘন জংঘলত। দলটোত আছিল কেপ্টেইন মিগাংক অসম, কেপ্তেইন ধনী অসম, জ্ঞান অসম, ইয়াংকু অসম, জাগৰণ অসম আৰু দুগৰাকী এন এছ চি এন ( কে ৱাই কে)ৰ সদস্য। ইয়াৰে এগৰাকী সদস্য জাগৰণ অসমে আজি আত্মসমৰ্পণ কৰিছে অসম আৰক্ষীৰ ডি আই জি জিৎমল দলেৰ ওচৰত। আত্মসমৰ্পণ কৰা জাগৰণ অসমৰ পৰা আৰক্ষীয়ে এটা MQ 81 ৰাইফলসহ তিনিটা মেগজিন আৰু ১৪৮ জাই সজীৱ গুলী উদ্ধাৰ তিনিচুকীয়া আৰক্ষীৰ। দুইগৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰাৰ পাছত আজি সন্ধিয়া তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এখন সংবাদ মেল সন্মোধন কৰি কয় যে আলফা স্বাধীনৰ ৭জনীয়া গোটটোৱে নতুন যুৱক-যুৱতীক যোগদান, ধন দাবী আদি কাৰ্য্যকলাপৰ বাবে ম্যানমাৰীৰ শিবৰৰ পৰা নামি আহিছিল। ইয়াৰ দুজন ক্ৰমে ৰবীন নেওগ ওৰফে ধনী অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰু আনজন নীলোৎপল তামুলী ওৰফে জাগৰণ অসমৰ ঘৰ বৰহাট চৰাইদেউ জিলাত। ম্যানমাৰীৰ আলফা স্বাধীনৰ ৭৭৭ কেম্পৰ পৰা আলফা স্বাধীনৰ এই দলটো আহিছিল বুলি আৰক্ষী অধীক্ষক দেউৰীয়ে জানিবলৈ দিয়াৰ লগতে কয় যে প্ৰায় ৩০ কেজি বিস্ফোৰক সামগ্ৰী চাংলাং জিলাৰ অৰণ্যৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়। তেখেত কয় যে বাকীকেইজনৰ যদি আত্মসমৰ্পণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহ’লে চৰকাৰ প্ৰশাসন দুৱাৰ সদায় মুকলি হৈ আছে। ইয়াৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছে অসম আৰক্ষী। অন্যহাতে উগ্ৰপন্থীবিৰোধী অভিযান বৰ্ত্তমানেও চলি থাকিব বুলি আৰাক্ষী অধীক্ষক দেউৰীয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। ইফালে দলটোৰ আন ৫জন সদস্যক বিচাৰি তিনিচুকীয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথা সাংবাদিকক জনাইছে তিনিচুকীয়া আৰক্ষীয়ে।
প্ৰেৰক মানসপ্ৰতিম গগৈ