নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰৰ ল’ৰা ঘৰলৈ, ১৫ বছৰে অটব্য অৰণ্যৰ মাজত থাকি দেখিছিল স্বাধীন অসমৰ সপোন

বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ স্বাধীন অসমৰ সপোন বুকুত বান্ধি ঘন জংঘললৈ যাত্ৰা কৰা আলফাৰ একাংশ কেডাৰে বনাঞ্চলৰ শিবিৰৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰা প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু শেহতীয়াকৈ মৰঙীৰ সাৰৰগাঁৱত আলফা (স্বাধীন)ৰ এজন দুধৰ্ষ কেডাৰে আত্মসমৰ্পণ কৰা ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। যিহেতু দীৰ্ঘদিনৰ পৰা অভিযোগ উঠি আহিছিল যে বিদ্ৰোহী সংগঠন আলফা স্বাধীনে গোপনে সদস্যভৰ্তি অভিযানৰ সমান্তৰালভাৱে ধন সংগ্ৰহ অভিযান অব্যাহত ৰাখিছিল। তাৰ মাজতে তেনে এজন আলফা কেডাৰে কৰিলে আত্মসমৰ্পণ। আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ নৱজিত অসম ওৰফে মনদ্বীপ শইকীয়াই তিনিচুকীয়াত আত্মসমৰ্পন কৰাৰ পাছত সোমবাৰে গোলাঘাট আৰক্ষীক গতাই দিয়ে তিনিচুকীয়া আৰক্ষীয়ে। গোলাঘাট আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সোধা পোছা কৰি অৱশেষত আৰক্ষীৰ কনভয় দি আলফা স্বাধীনৰ কেডাৰজনক মৰঙী সাৰৰগাঁৱলৈ লৈ যায়। ইফালেদি, দীৰ্ঘদিনৰ বিৰতিত পুত্ৰক নিজৰ কাষত দেখা পাই নৱজিত অসম ওৰফে মনদ্বীপ শইকীয়াৰ মাতৃয়ে আবেগিক হৈ কন্দাৰ দৃশ্যই গাঁওবাসীৰ চকু সেমেকাই তোলে। উল্লেখযোগ্য যে, আলফা(স্বা)ৰ কেডাৰজনৰ ঘৰ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত সাৰৰ গাঁৱত। ২০১০ চনতে আলফা সদস্য হিচাপে যোগদান কৰা নবজিৎ অসম ওৰফে মনদ্বীপ শইকীয়া ঘৰলৈ উভতি অহাত আনন্দ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গ তথা গাঁওবাসীয়ে। এই সম্পৰ্কে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে কয়, আলফা স্বাধীনৰ কেডাৰ নৱজিৎ অসমে ২৮ তাৰিখে তিনিচুকীয়াত আত্মসমৰ্পন কৰিছিল আৰু কালি আহি  গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈছিল। পাছত গোলাঘাট আৰক্ষীয়ে নৱজিতক আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকক গতাই দিয়ে। তেওঁ ম্যানমাৰত আলফা স্বাধীনৰ ৭৭৯ গোটৰ সদস্য আছিল বুলি জানিব আৰক্ষীক অৱগত কৰিছে আৰু ২০১০ চনত যোগদান কৰিছিল। আনহাতে এই সম্পৰ্কে আলফা কেডাৰ নৱজিৎ অসমে কয় তেওঁ আলফা স্বাধীনত যোগদান কৰা ১৫ বছৰ হ’ল কিন্তু বুজাবুজিৰ অভাৱত তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহিল। নবজিৎ অসমে লগতে কয় যে তেওঁ যি ভাবি আলফা স্বাধীনত যোগ দিছিল তাত কিন্তু তেনে পৰিবেশ লাভ নকৰিলে। আলফা স্বাধীনত থকা সময়ত ম্যানমাৰত পৰেশ বৰুৱাক ২০১১, ২০১৫ আৰু ২০১৭ চনত লগ পোৱা বুলি নৱজিতে জানিবলৈ দিয়াৰ লগতে তাৰ পাছত আৰু কেতিয়াও পৰেশ বৰুৱাক লগ পোৱা নাই বুলি আৰক্ষীক জানিবলৈ দিয়ে ।

প্ৰেৰক দিগন্ত কুমাৰ বৰা

You might also like