নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সংক্রমণঃ তিনি মাহ যুদ্ধবিৰতি ঘোষণা আলফাৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’: অপহৰণ–বিস্ফোৰণৰ আতংকৰ মাজতেই শনিবাৰে একপক্ষীয়ভাৱে তিনি মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে আলফা (স্বাঃ)–এ৷ শনিবাৰে আনুষ্ঠানিক বিবৃতিযোগে সংগঠনটোৱে এই ঘোষণা কৰাৰ লগতে ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই উগ্রপন্থী সংগঠনটোৱে আগন্তুক তিনি মাহৰ বাবে কোনোধৰণৰ সামৰিক তৎপৰতা নচলায় বুলি স্পষ্ট কৰি দিয়ে৷

আনুষ্ঠানিক বিবৃতিটোত আলফা (স্বাঃ)ৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কয়– ‘মানৱ জাতিৰ চৰম সংকটৰ সময়ত ঔপনিৱেশিক ভাৰতৰ দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ কিছু অসাধু বিষয়াই ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ ভাবমূর্তি কলংকিত কৰিবলৈ কিছু গোপন অভিসন্ধি কৰা পৰিলক্ষিত হৈছে৷ ক’ৰোনাজনিত অনাহুত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আমি থলগিৰি অসমৰ সমূহ ৰাইজক সততালব্ধ বিনম্রতাৰে জনাব বিচাৰিছোঁ যে ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ সামৰিক বিভাগ ‘সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)’এ আজিৰ তাৰিখৰ পৰা কার্যকৰী হোৱাকৈ অনাগত তিনি মাহৰ বাবে সকলো ধৰণৰ সামৰিক অভিযান একপক্ষীয়ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিলোঁ৷’

আনহাতে, ‘নিয়মীয়া বার্তা’ৰে হোৱা বার্তালাপত সেনাধ্যক্ষ বৰুৱাই কয় যে শেহতীয়াকৈ দিহিং আৰু টিংৰাইত সংঘটিত বিস্ফোৰণৰ সৈতে আমাক জড়িত কৰিব বিচৰা হৈছে৷ আমি এই কথা স্পষ্ট কৰি দিছোঁ যে এই বিস্ফোৰণৰ সৈতে আমাৰ কোনো সম্পর্ক নাই৷ এনে বিস্ফোৰণৰ সৈতে আলফা (স্বাঃ) জড়িত থকাৰ কোনো যুক্তি নাই৷ আনকি টিংৰাইৰ ব্যৱসায়ীজনেও তেওঁক আমাৰ কোনো সদস্যই ধন দাবী কৰা বা আন কোনোধৰণে হাৰাশাস্তি কৰা বুলিও প্রকাশ কৰা নাই৷ তাৰ পৰাই এই বিস্ফোৰণ ৰহস্যজনক বুলি ধাৰণা কৰিব পাৰি৷ দিহিঙৰ পাৰত সংঘটিত হোৱা বিস্ফোৰণ আৰু টিংৰাইত এখন হার্ডৱেৰ দোকানত হোৱা বিস্ফোৰণ কোনে সংঘটিত কৰিলে, সেয়া তদন্তৰ প্রয়োজন৷ এই বিস্ফোৰণৰ আঁৰত এক ষড়যন্ত্রৰ অভিযোগ কৰি পৰেশ বৰুৱাই কয় যে অ’ এন জি চিৰ বিষয়া তিনিজনৰ অপহৰণৰ পাছত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানজনে ইতিবাচক দৃষ্টিভংগীৰে কোনো ক্ষয়–ক্ষতি নোহোৱাকৈ তিনিওজনকে উদ্ধাৰ কৰিব বুলি উল্লেখ কৰিছিল৷ কিন্তু ইয়াৰ পাছত মন জিলাত আলফা (স্বাঃ)ৰ বিৰুদ্ধে সেনা–আৰক্ষীৰ দীঘলীয়া যুটীয়া অভিযান চলিল৷ সেনাবাহিনী আৰু অসম আৰক্ষীৰ একাংশ অসৎ বিষয়াৰ তৎপৰতাতে এই অভিযান চলে যদিও অপহূতসকলক উদ্ধাৰ কৰাত ব্যর্থ হয় আৰু দুজন অপহূত ব্যক্তি নিজে মুকলি হৈ আহে৷ ইয়াৰ পাছতে উজনি অসমৰ তিনিখন জিলাত ৰহস্যজনকভাৱে অসম যুৱ শক্তি নামৰ এটা অখ্যাত সংগঠনৰ বেনাৰত আলফা (স্বাঃ) আৰু আমাৰ বিৰুদ্ধে পোষ্টাৰিং হয়৷ এই পোষ্টাৰিংসমূহ সেনাৰ গাড়ীত আহি কৰা বুলি আমি তথ্য লাভ কৰিছোঁ৷ এই সমগ্র পোষ্টাৰিঙৰ বিষয়টোৱে সম্পূর্ণ ৰহস্যজনক৷ সেইবাবে এতিয়া আমি অসম যুৱ শক্তি নামৰ এই সংগঠনটো কেতিয়া জন্ম হ’ল, তাৰ ৰহস্য জানিব বিচাৰোঁ৷ কিন্তু আমাৰ বিৰুদ্ধে কৰা এই পোষ্টাৰিঙো সফলকাম নোহোৱাত বিস্ফোৰণৰ জৰিয়তে নতুন ষড়যন্ত্র ৰচিত হয়৷ ইয়াৰ জৰিয়তে ১৯৯৬ চনৰ গুপ্তহত্যাৰ সময়ৰ এক পৰিৱেশ ৰচনা কৰিব বিচৰা হৈছে৷ এনে পৰিৱেশ ৰচনা হ’লে সেনা আৰু আৰক্ষীৰ একাংশ বিষয়া বিভিন্ন দিশৰ পৰা লাভৱান হয়৷ সেয়ে এনে পৰিৱেশ এটা ঘূৰাই আনিব বিচৰা হৈছে৷

অসম যুৱ শক্তিৰ জৰিয়তে গুপ্তঘাতকৰ দল এটা সৃষ্টি কৰাৰ ষড়যন্ত্র ৰচনা কৰা হৈছে৷ এইক্ষেত্রত অপহৰণৰ পাছতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানজনে যি বক্তব্য আগবঢ়াইছিল, তাৰ বিপৰীতে এক ষড়যন্ত্র ৰচনা হৈছে৷ এনে ষড়যন্ত্র আমি বিফল হোৱাটো বিচাৰোঁ৷ সেইবাবেই আমি একপক্ষীয়ভাৱে তিনি মাহৰ বাবে সামৰিক তৎপৰতা বন্ধ কৰি যুদ্ধবিৰতি ঘোষণা কৰিছোঁ৷ আমি কোনো কাৰণতে গুপ্তহত্যাৰ ভয়াৱহ দিন ঘূৰি অহাটো নিবিচাৰোঁ৷ একাংশ অসাধু সেনা আৰু আৰক্ষী বিষয়াৰ ষড়যন্ত্র সফল হোৱাটো নিবিচাৰোঁ বুলি সেনাধ্যক্ষ পৰেশ বৰুৱাই স্পষ্ট কৰি দিয়ে৷

You might also like