ক’ভিড পৰিস্থিতিৰ বাবে পুনৰ ৩ মাহলৈ আলফাৰ(স্বা) একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ তিনিমাহৰ বাবে পুনৰ আলফা (স্বাধীন)ৰ একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা। ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আলফাই সকলো ধৰণৰ সামৰিক অভিযানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে ১৫ মে’ত তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল আলফাই। সেই যুদ্ধ বিৰতিৰ সময়সীমা আজি উকলাৰ বাবে পুনৰ ৩ মাহৰ বাবে যুদ্ধ বিৰতি বৃদ্ধি কৰিলে আলফাই।
ইপিনে আলফা (স্বাধীন)–এ এইবাৰ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত সশস্ত্র প্রতিবাদ কৰাৰ পৰা বিৰত থকাৰ লগতে কোনোধৰণৰ বন্ধ ঘোষণা কৰা নাই৷