নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাই লুকাই থাকি ভাবুকি দি লাভ নাই : এছডিজিপি হৰমিত সিং

তেজপুৰ সদৰ থানাত বিভাগীয় পৰিদৰ্শন-নিৰীক্ষণ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধানৰ

ৰাজ্যত যোৱা এবছৰত অপৰাধ ৫০ শতাংশ হ্ৰাস পাইছে

বাৰ্তা ব্যুৰ’, তেজপুৰ, ১৮ ডিচেম্বৰ : দেশবিৰোধী কোনো কাৰ্যকলাপ গ্রহণযোগ্য নহ’ব ৷ যদি তেওঁলোকে নিজৰ অসমক মৰম কৰে, তেতিয়াহ’লে অসমলৈ ঘূৰি আহি অসমৰ উন্নয়নৰ বাবে কাম কৰিব লাগে ৷ এনেকৈ ভাবুকি ধমকি দিলে একো নহ’ব ৷ কাৰণ আৰক্ষী বাহিনী হিচাপে এইক্ষেত্ৰত অসম আৰক্ষী সাজু ৷ তেজপুৰত আজি আলফা (স্বাধীন)ক উদ্দেশ্যি এই মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে। উল্লেখ্য যে তেজপুৰ সদৰ থানাত বিভাগীয় পৰিদৰ্শন আৰু নিৰীক্ষণৰ উদ্দেশ্যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সিং আজি বিয়লি থানা চৌহদতে অভিবাদন গ্ৰহণ কৰাৰ লগতে আৰক্ষী ইউনিফৰ্ম পৰিধান, থানাখনৰ চাফ-চিকুণ, পঞ্জীয়ন বহীসমূহ পৰীক্ষণৰ লগতে আৰক্ষী কৰ্মচাৰীসকলক সোধাপোচা আদিৰে পৰিদৰ্শন আৰু নিৰীক্ষণ কাৰ্যসূচীৰ পিচতে সাংবাদিকসকলৰ এলানি প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে এছডিজিপিগৰাকীয়ে ৷ সাংবাদিকে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অসম আৰক্ষীৰ শীৰ্ষতম বিষয়া তথা আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক শেহতীয়া ভাবুকি আৰু প্ৰত্যাহ্বান জনোৱাৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান সিঙে কয় যে তাৰ পৰা কি হ’ব ? পৰেশ বৰুৱাই যদি কিবা ক’ব লাগে , ইয়াত আহি কওক ৷ তাত কৰবাত লুকাই কৈ আছে, কিনো লাভ আছে? ইয়াৰ পৰা একো লাভ নাই, অসম আৰক্ষীয়ে এই প্ৰত্যাহ্বান লবলৈ সাজু আছে। বৰ্তমান চৰকাৰৰ দিনত ৰাজ্যত ভাল আৰু উন্নয়নৰ কাম হৈছে আৰু ৰাজ্য আগবাঢ়িছে ৷ তেওঁলোক ঘূৰি অহা উচিত আৰু এই উন্নয়নমূলক কাম-কাজত যোগদান কৰা উচিত ৷ ধ্বংসাত্মক কাৰ্যকলাপ কৰিলে কোনে শাস্তি পাব? কোনে দিগদাৰী পাব? ৰাইজেই শাস্তি পাব আৰু ৰাইজেই দিগদাৰী পাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া হৰমিত সিঙে ৷ আনহাতে আজিৰ পৰিদৰ্শন আৰু নিৰীক্ষণ ভ্ৰমণসূচীৰ সম্পৰ্কত তেওঁ কয় যে ৰাজ্য ভিন্ন প্ৰান্তৰ আৰক্ষী থানাসমূহ জ্যেষ্ঠ আৰু শীৰ্ষ আৰক্ষী বিষয়াসকলৰ দ্বাৰা পৰিদৰ্শন-নিৰীক্ষণ অসম আৰক্ষীৰ উন্নতি আৰু পৰিৱৰ্তনৰ লক্ষ্যৰে কৰি থকা হৈছে ৷ ৰাজ্যত যোৱা এবছৰত অপৰাধ ৫০ শতাংশ হ্ৰাস পাইছে ৷ অৰ্থনৈতিক উন্নয়নৰ কাৰ্যকলাপো বৃদ্ধি পাইছে ৷ অসম চৰকাৰে গ্ৰহণ কৰা ‘মৈত্ৰী’ আঁচনিৰ অধীনত ইতিমধ্যে ৰাজ্যৰ ৭৬খন থানাৰ উন্নতিকৰণ কৰা হৈছে৷ একেখন আঁচনিৰ অধীনত ৰাজ্যৰ ৩ শতাধিক আৰক্ষী থানাৰো উন্নীতকৰণৰ কাম চলি আছে৷ দেশৰ আন কোনো ৰাজ্যত একেলগে আৰক্ষী থানাৰ উন্নীতকৰণৰ কাম এনেদৰে একেলগে হোৱা নাই বুলিও মন্তব্য কৰে এছডিজিপি হৰমিত সিঙে৷ থানাৰ চৌহদৰ পিচত শীৰ্ষ আৰক্ষীবিষয়া সিং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত উপস্থিত হৈ জিলা আৰক্ষী প্ৰশাসনৰ বিষয়াসকলৰ সকলৰ স’তে কিছু সময় মিলিত হৈ কামজাজ বুজ লৈ তেজপুৰৰ পৰা প্ৰস্থান কৰে ৷

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like