অৰুণাচল প্ৰদেশৰ টিৰাপত ধৃত ৩ আলফা(স্বা) ৰ সদস্য
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ টিৰাপ আৰক্ষী আৰু ৬ আসাম ৰাইফলছৰ যুটীয়া অভিযানত পূৱ অৰুণাচলৰ টিৰাপ জিলাৰ পৰা আজি ৩ দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰ আটক কৰিছে।
ধৃত আলফা সদস্যকেইজনক তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত টকৌপথাৰ গাঁও নিৱাসী তথা আলফাৰ ছাৰ্জেণ্ট মেজৰ ৰাজেশ লাহন ওৰফে ৰাজ অসম (৩৩), টেকেৰী গাঁও নিৱাসী তথা আলফাৰ ছাৰ্জেণ্ট জনৈক দহোটীয়া ওৰফে ব্ৰজ অসম (২৯) আৰু ডুমডুমা থানাৰ অন্তৰ্গত বিষ্ণুপুৰৰ কৰ্প’ৰেল ৰাজু মৰাণ ওৰফে গম্বে অসম (২৭)।
তেওঁলোকৰ জিম্মাৰ পৰা সেনা- আৰক্ষীয়ে দুটা পিষ্টল, ৩ টা মেগজিন, পিষ্টলৰ সজীৱ গুলী ৮ টা, এ কে ছিৰিজৰ সজীৱ গুলী ১৫ টা, এছ্ এল্ আৰৰ ১৬ টা সজীৱ গুলী আৰু ৩ যোৰ পোচাককে ধৰি ভালেমান আপত্তিজনক সমগ্ৰী জব্দ কৰিছে।
আনহাতে প্ৰদেশখনৰ খোনছা আৰক্ষীক চমজাই দিয়া আলফা কেডাৰকেইজনক জেৰা চলাই থকা হৈছে।