নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ধর্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণ

মূলসুঁতিলৈ উভতিল আলফাৰ উপ–মুখ্য সেনাধ্যক্ষ

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ আলফা (স্বাধীন)ৰ সবাতোকৈ দুর্ধর্ষ নেতা তথা উগ্রপন্থী সংগঠনটোৰ উপ–সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই আত্মসমর্পণ কৰিছে৷ ভাৰত–বাংলাদেশ সীমান্তৰ মেঘালয়ৰ দক্ষিণ গাৰোপাহাৰ জিলাৰ এক অজ্ঞাত স্থানত আত্মসমর্পণ কৰে আলফা (স্বাধীন)ৰ ম’ষ্ট ৱাণ্টেড নেতাজনে৷ মেঘালয়তে সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত অসম আৰক্ষীৰ এক বিশেষ দলে দৃষ্টি ৰাজখোৱাক নিজৰ জিম্মালৈ আনে বুলি জানিব পৰা গৈছে৷ দুর্ধর্ষ আলফা নেতাজনৰ সৈতে আৰু চাৰিজন আলফা (স্বাধীন)ৰ সদস্য থকা বুলি প্রকাশ পাইছে৷ এই সদস্যকেইজন লাডেন অসম ওৰফে ৰাহুল হাজৰিকা, ৰূপজ্যোতি অসম, মৃদুল অসম আৰু ইয়াছমিন অসম বুলি এক অসমর্থিত তথ্যত প্রকাশ৷ দলটোৱে লগতে এম ৮০কে ধৰি বহুকেইটা স্বয়ংক্রিয় অস্ত্র লগত অনা বুলি সূত্রটোৱে প্রকাশ কৰে৷ দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণ তথা প্রত্যাৱর্তন সন্দর্ভত এইপর্যন্ত কোনো তথ্য প্রকাশ কৰা নাই অসম আৰক্ষীয়ে৷ অৱশ্যে অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, সোমবাৰে অসম আৰক্ষীৰ এক শীর্ষ মহলৰ সৈতে যোগাযোগ স্থাপন কৰিছিল দৃষ্টি ৰাজখোৱাই৷ তাৰ পাছৰ পৰা আলফা (স্বাধীন)ৰ নেতাজনে আৰক্ষীৰে পুনৰ যোগাযোগ কৰা নাই বুলি সূত্রটোৱে জনায় যদিও অসম আৰক্ষীৰ শীর্ষ বিষয়া এজনে সমগ্র বিষয়টো চোৱা–চিতা কৰি থকা বুলি জানিব পৰা গৈছে৷ এই বিষয়াজনৰ তৎপৰতাতে এতিয়া দৃষ্টি ৰাজখোৱাৰ প্রত্যাৱর্তনৰ সমগ্র প্রক্রিয়াটো চলি আছে আৰু আশা কৰা মতে বৃহস্পতিবাৰে গুৱাহাটীলৈ আত্মসমর্পণ কৰা আলফা (স্বাধীন)ৰ দুর্ধর্ষ দলটো অনা হ’ব৷

আনহাতে, অসম আৰক্ষীৰ আন এক সূত্রই জনোৱা মতে, মেঘালয়–বাংলাদেশ সীমান্তৰ বনাঞ্চলত বাহৰ পাতি থকা দৃষ্টি ৰাজখোৱা শেহতীয়াকৈ ভালেমান ৰোগত আক্রান্ত হোৱা বাবেই আত্মসমর্পণৰ বাবে প্রস্তুতি চলাইছিল৷ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সবাতোকৈ ঘনিষ্ঠ আৰু বিশ্বস্ত এই নেতাজনৰ আত্মসমর্পণে সংগঠনটোত বৃহৎ খহনীয়াৰ সৃষ্টি কৰাটো নিশ্চিত৷ আলফাৰ এই দুর্ধর্ষ নেতাজন গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্রান্তত সংঘটিত হোৱা বহুকেইটা অপাৰেচনৰ দায়িত্বত আছিল৷ দৃষ্টি ৰাজখোৱাৰ পৰিকল্পনাৰেই সংগঠনটোৱে এসময়ত হত্যা–ধনদাবীকে ধৰি বহু উগ্রপন্থী কার্যকলাপ সংঘটিত কৰিছিল৷ ১৯৮৭ চনত আলফাত যোগদান কৰা দৃষ্টি ৰাজখোৱাৰ ঘৰ গোৱালপাৰা জিলাৰ ৰংজুলি অঞ্চলত৷ মনোজ ৰাভা নামৰ এই ৰাভা জনগোষ্ঠীৰ উগ্রপন্থী নেতাজনে ’৯০ৰ দশকতে ম্যানমাৰত সশস্ত্র প্রশিক্ষণ গ্রহণ কৰিছিল৷ আলফাৰ শিবিৰ বাংলাদেশলৈ স্থানান্তৰিত কৰাৰ পাছত ভাৰত–বাংলাদেশ সীমান্ত মেঘালয়ৰ গাৰোপাহাৰৰ সীমান্তৱর্তী বাংলাদেশৰ বিভিন্ন স্থানত দৃষ্টি ৰাজখোৱাৰ নেতৃত্বতে প্রশিক্ষণ শিবিৰ স্থাপন কৰিছিল আৰু এইপর্যন্ত দৃষ্টি ৰাজখোৱাই ভিকী চাংমা নামেৰে উক্ত অঞ্চলতে আশ্রয় গ্রহণ কৰি আহিছিল৷

আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু উপ–সেনাধ্যক্ষ ৰাজু বৰুৱা অসমলৈ উভতি অহাৰ পাছত সেনাধ্যক্ষ পৰেশ বৰুৱাই উপ–সেনাধ্যক্ষ পদত স্থলাভিষিক্ত কৰিছিল দৃষ্টি ৰাজখোৱাক৷ বাংলাদেশত থকা দৃষ্টি ৰাজখোৱাৰ পৰিয়াল সম্পর্কত অৱশ্যে এইপর্যন্ত কোনো তথ্য লাভ কৰা নাই৷ আনহাতে, ডিব্রুগড়ৰ মৰাণৰ যুৱক লাডেন অসম ওৰফে ৰাহুল হাজৰিকা ২০১৩ চনত আলফাত যোগদান কৰি ২০১৪ চনত প্রশিক্ষণৰ বাবে বাংলাদেশলৈ গৈছিল৷ ২০১৬ চনৰ ২২ জুনত ডিব্রুগড় আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা লাডেন অসম কাৰাগাৰৰ পৰা ওলাই পুনৰ আলফা (স্বাধীন)লৈ উভতি যায় বুলি জানিব পৰা গৈছে৷ এই দলটোকে ধৰি প্রায় ৩০জনীয়া আলফা (স্বাধীন)ৰ দল এটাই ভাৰত–বাংলাদেশ সীমান্তত শিবিৰ স্থাপন কৰি থকাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে৷ দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণৰ পাছত এই দুর্ধর্ষ নেতাজনৰ পৰা আলফা (স্বাধীন)ৰ শেহতীয়া বহু তথ্য আৰক্ষীয়ে লাভ কৰিব বুলি অনুমান কৰা হৈছে৷ শেহতীয়াকৈ পোৱা তথ্য অনুসৰি মেঘালয়ৰ গাৰোপাহাৰৰ বাঘমাৰাৰ পৰা গুৱাহাটী অভিমুখে অহাৰ পথত দুর্ঘটনাত পতিত হয় দৃষ্টি ৰাজখোৱাই প্রত্যাৱর্তন কৰা কনভয়টো৷ প্রায় ১২খন বাহনৰ বিশাল কনভয়টোৰ এখন স্ক’ৰপি’ গাড়ী দাউমৰা নামৰ স্থানত নিশাৰ আন্ধাৰ আৰু কুঁৱলীৰ বাবে পাহাৰীয়া পথৰ পৰা নামনিত বাগৰি পৰে৷ বাহনখনত কোন আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও দাউমৰাতে কনভয়টো থকা বুলি জানিব পৰা গৈছে৷ এনে পৰিপ্রেক্ষিতত বৃহস্পতিবাৰে পুৱাৰ ভাগতহে গুৱাহাটী অভিমুখে কনভয়টো ৰাওনা হ’ব বুলি অনুমান কৰা হৈছে৷

You might also like