নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিত জোৰদাৰ আলফা (স্বাঃ)ৰ নতুন সদস্যভর্তি অভিযান

বিশেষ বার্তা, ১ আগষ্ট : শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন চাহ বাগিচা আৰু একাংশ ব্যৱসায়ীক আলফা (স্বাঃ)–এ বৃহৎ পৰিমাণৰ ধনদাবী কৰাৰ বিষয়টো সর্বত্র চর্চিত হৈ থকাৰ সময়তে স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত তিনিচুকীয়া জিলাৰ লগতে সমগ্র ৰাজ্যত আলফা (স্বাধীন)–এ বৃহৎসংখ্যক যুৱকক সংগঠনত যোগদান কৰিবৰ বাবে আৰম্ভ কৰি আছে সদস্যভর্তি অভিযান৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা দুই শতাধিক যুৱকক স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত নিষিদ্ধ সংগঠনটোত যোগদান কৰোৱাৰ প্রস্তুতিৰ সময়ত বাধাৰ হেঙাৰ হৈ পৰিছে অসম আৰক্ষী৷ তাৰ মাজতো ইতিমধ্যে যোগদান কৰিছে একাংশ যুৱক–যুৱতীয়ে৷ সেই সমগ্র তথ্য তিনিচুকীয়া আৰক্ষীয়ে আলফা (স্বাঃ)ৰ লিংকমেন যোৰহাটৰ জুমন বৰাক গ্রেপ্তাৰ কৰাৰ পাছতে লাভ কৰা বুলি আজি সদৰী কৰে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে সদৰী কৰা অনুসৰি জুমন বৰাক আটক কৰাৰ পাছতে মামৰনিত যি বুজন পৰিমাণৰ বিস্ফোৰক জব্দ কৰিছিল, সেয়া আছিল আৰক্ষীৰ কাৰণে বৃহৎ সফলতা৷ সেই বিস্ফোৰকৰ জৰিয়তে ৰাজ্যৰ সাতটাকৈ স্থানত স্বাধীনতা দিৱসৰ পূর্বে বিভিন্ন কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছিল আলফাই৷ পৰিকল্পনা আৰক্ষীয়ে ইতিমধ্যে ৰোধ কৰিবলৈ সক্ষম হৈছে৷ তাৰ সমান্তৰালভাৱে শশাংক ৰাজখোৱা আৰু বিগত দুটা বছৰ পূর্বে আত্মসমর্পণ কৰা পেঙেৰীৰ সুৰজিত গগৈক তিনিচুকীয়া আৰক্ষী–সেনা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয়৷ আলফা (স্বাঃ)ৰ নেতা অভিজিত গগৈ ওৰফে আইছেং অসমৰ নির্দেশত সুৰজিত গগৈয়ে তিনিচুকীয়া জিলাৰ ১৭গৰাকী যুৱকক আলফাত যোগদানৰ বাবে প্রস্তুতি চলাইছিল৷ সুৰজিত গগৈক আটক কৰি জেৰা চলোৱাৰ পাছত পোহৰলৈ আহিছে এইসমূহ তথ্য৷ নতুনকৈ আলফালৈ যাবলৈ সাজু হোৱা তিনিচুকীয়া, শদিয়া, পেঙেৰী, বৰডুমচা অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ১৭গৰাকী যুৱকৰ নামৰ তালিকা লাভ কৰিছে সেনা–আৰক্ষীয়ে৷ ইতিমধ্যে আৰক্ষীয়ে ফোন ৰেকর্ডিং, সামাজিক মাধ্যমৰ বিৱৰণৰ লগতে যোগাযোগ কৰা সম্পূর্ণ তালিকা লাভ কৰিছে আৰক্ষীয়ে৷ এইক্ষেত্রত বহিঃৰাজ্যত কাম কৰি ঘৰলৈ ওভতা, প্রাক্তন আলফা (স্বাঃ)ৰ সদস্যৰ লগতে বিভিন্নজনৰ সৈতে সংগঠনৰ পৰা আইচেং অসমে যোগাযোগ কৰিছিল৷ আৰক্ষীৰ তৎপৰতাৰ বাবেই বহু যুৱকৰ সংগঠনলৈ যাত্রা কৰাৰ পৰিকল্পনা ব্যর্থ হয়৷ আনহাতে, মামৰণিত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ৮ কিলোগ্রাম ওজনৰ বিস্ফোৰকখিনি যথেষ্ট শক্তিশালী আছিল৷ সেই বিস্ফোৰকৰ জৰিয়তে শতাধিক আই ই ডি প্রস্তুত কৰিব পাৰে আৰু বিস্ফোৰকখিনি দুটা বছৰৰ পূর্বেই মাটিৰ তলত লুকুৱাই ৰখা৷ সেই বিস্ফোৰকৰ পৰাই ইতিমধ্যে ৭টা কূটাঘাতৰ পৰিকল্পনা প্রস্তুত কৰিছিল বুলি সূত্রত উল্লেখ যদিও আলফা (স্বাঃ)ৰ তৰফৰ পৰা মেইলৰ জৰিয়তে জুমন বৰাই সংগঠনৰ হৈ কাম কৰাটো অস্বীকাৰ কৰিছে৷ কিন্তু তিনিচুকীয়া আৰক্ষীয়ে জুমন বৰা, শশাংক ৰাজখোৱা আৰু সুৰজিত গগৈক গ্রেপ্তাৰ কৰি আলফা (স্বাঃ) কিম্বা আলফা (স্বাঃ)লৈ যাবলৈ সাজু হোৱা লোকৰ বিৰুদ্ধে তালিকা প্রস্তুত কৰি অব্যাহত ৰাখিছে অভিযান ৷

প্ৰেৰক বিবেক বৰা

You might also like