নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি অসমত শক্তিশালী ৰূপত আলফা (স্বাঃ) উত্থান

বিশেষ বাৰ্তা, ১০ জুলাই : ‘আলফা’(স্বা)-চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়াই গেঁঠেলা মাৰি থকাৰ সময়তে উজনি অসমত নিষিদ্ধঘোষিত সংগঠনটোৱে নিজৰ শক্তি বৃদ্ধি কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ অসম চৰকাৰ তথা সেনা-আৰক্ষীৰ নৰম স্থিতিৰ মাজতে  ‘আলফা’(স্বা:) নিজৰ সাংগাঠনিক তৎপৰতা বৃদ্ধি কৰি সংগঠনত নতুন সদস্য ভৰ্তি অভিযান আৰু ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰখাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ উজনি অসমৰ বিভিন্ন ঠাইৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, চাহ খেতিয়ক, চৰকাৰী বিষয়া আদিৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ অহাৰ লগতে বিশেষকৈ চৰাইদেউ জিলাত নিষিদ্ধঘোষিত সংগঠনটোৱে ধন সংগ্ৰহৰ সূচল ঠাই হিচাপে চিহ্নিত কৰি জিলাখনৰ বিভিন্ন ব্যৱসায়ী, চাহ বাগিচা কৰ্তৃপক্ষলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, চৰাইদেউ জিলাৰ কাকতিবাৰী থানাৰ অন্তৰ্গত টিমন চাহ বাগিচা কৰ্তৃপক্ষলৈ নিষিদ্ধঘোষিত সংগঠনটোৱে প্ৰেৰণ কৰিছে ৭২ লাখ টকাৰ এখন ধন দাবী পত্ৰ ৷ অমিত জৈন মালিকানাধীন টিমন চাহ বাগিচা কৰ্তৃপক্ষলৈ এসপ্তাহ পূৰ্বে ‘নয়ন অসম’ৰ নামত স্বাক্ষৰিত ধন দাবী পত্ৰখনত শীঘ্ৰে সংগঠনটোলৈ ৭২ লাখ টকা প্ৰেৰণৰ বাবে নিৰ্দেশ দিয়ে৷ আনহাতে, পত্ৰখনত উল্লেখ কৰা অনুসৰি, বিগত ছটা বছৰে টিমন চাহ বাগিচাই বাৰ্ষিক বৰঙণি হিচাপে প্ৰদান কৰি অহা ১২ লাখ আদায় দিয়া নাছিল, সেয়ে ৬ টা বছৰৰ বাৰ্ষিক বৰঙণি মুঠ ৭২ লাখ টকা অচিৰেই সংগঠনটোক প্ৰদান কৰিবলৈ ধন দাবী পত্ৰখনত উল্লেখ কৰে৷ পত্ৰখনৰ জৰিয়তে উজনি অসমৰ প্ৰতিখন চাহ বাগিচাই নিষিদ্ধঘোষিত সংগঠনটোক বাৰ্ষিক বৰঙণি দিয়াৰ বিষয়টো স্পষ্ট হৈ পৰিছে৷ আনহাতে, বিষয়টো সন্দৰ্ভত টিমন চাহ বাগিছা কৰ্তৃপক্ষই ইতিমধ্যে চৰাইদেউ আৰক্ষীক লিখিতভাৱে অৱগত কৰিছে বুলি জানিব পৰা গৈছে৷ ধন দাবী-পত্ৰক লৈ বাগিচাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে বাগিচাৰ পৰা পলায়ন কৰিছে মুখ্য পৰিচালক মনোজ গগৈয়ে।উল্লেখযোগ্য যে অকল এই বাগিচাতেই নহয় চৰাইদেউ জিলাৰ প্ৰায় পাঁচখন চাহ বাগিচাত ধন দাবী কৰি আলফা (স্বা)ই পত্ৰ প্ৰেৰণ কৰা বুলি চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষি চৌধুৰীয়ে আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মনৰ পৰাই আলফা (স্বাঃ)ই কাম চলোৱা বুলিও জিলাখনৰ শীৰ্ষ বিষয়াগৰাকীয়ে জনাইছে ।

প্ৰেৰক দীপাংকৰ পাল

You might also like