নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপৰ দুই অপহৃত বিষয়াক মুক্তি

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ ডায়ুন আৰক্ষী থানাৰ অন্তর্গত ইনাওস্থিত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদৰ পৰা অপহৰণ কৰি নিয়া দিল্লীৰ কুইপ অইল এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ অভিযন্তা প্রণৱ কুমাৰ গগৈ আৰু ৰেডি’ অপাৰেটৰ ৰাম কুমাৰক অৱশেষত মুকলি কৰি দিলে আলফা (স্বাধীন)–এন এছ চি এন (কে)–এ৷ আলফা (স্বাধীন)ৰ নেতা অৰুণোদয় দহোটীয়াই ব্যক্তিগত খণ্ডৰ তৈল কোম্পানী কুইপ অইল এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ লগত জড়িত এজন লোকক ফোনযোগে দুয়োকে মোকলাই দিয়াৰ কথা অৱগত কৰা বুলি বিশেষ সূত্রে জানিব পৰা গৈছে৷ অৱশ্যে এই কথাৰ সত্যতা বর্তমান পর্যন্ত নিশ্চিত হোৱা নাই৷ কিয়নো অপহৰণকাৰীয়ে দুয়োকে মোকলাই দিয়াৰ তথ্য বাতৰি লিখা পৰলৈকে আৰক্ষী–প্রশাসন, আছাম ৰাইফলছ আৰু চোৰাংচোৱা সংস্থাই স্পষ্ট কৰা নাই৷ এনে অৱস্থাত সমগ্র বিষয়টো চর্চাৰ মাজতে আছে৷ উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰৰ সন্ধিয়া ইনাওৰ তৈলখাদত কর্মৰত অৱস্থাৰ পৰাই প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক আলফা (স্বাধীন)–এন এছ চি এন (কে)ৰ দলে অপহৰণ কৰি নিছিল৷ দুয়োৰে মুক্তিৰ বিনিময়ত সশস্ত্র সংগঠন দুটাই ২০ কোটি টকা দাবী কৰা বুলি প্রকাশ পাইছিল৷

ইফালে দুয়োকে  মুকলি কৰি দিয়াৰ প্রসংগত বিশেষ সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি আলফা (স্বাধীন)ৰ নেতা অৰুণোদয় দহোটীয়াই কুইপ অইল এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ লগত জড়িত ব্যক্তিজনক ফোন কৰি অপহূত প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ ঘৰ পালে নে নাই বুলি প্রশ্ণ কৰে৷ ব্যক্তিজনে এই বিষয়ে জ্ঞাত নোহোৱাৰ কথা স্পষ্ট কৰি দিয়ে আলফা (স্বাধীন)ৰ নেতাজনক৷ চর্চা অনুসৰি প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অৰুণাচল প্রদেশ সংলগ্ণ ম্যানমাৰৰ গভীৰ অৰণ্যত মুকলি কৰি দিয়া হৈছে৷ দুয়ো সুকলমে ঘৰ আহি পালে বা তেওঁলোকক আৰক্ষী, আছাম ৰাইফলছ বা চোৰাংচোৱাই উদ্ধাৰ কৰাৰ পাছতহে এই চর্চাৰ ওৰ পৰিব৷

ইফালে, আলফা (স্বাধীন) আৰু এন এছ চি এন (কে)–এ দুয়োজনকে নে এজনকহে মুকলি কৰি দিছে তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে অৰুণাচল প্রদেশৰ চাংলাঙৰ ছার্জে চিংফৌ নামৰ এজন ব্যক্তিক আজি বিয়লি তিনি বজাত ফোন কৰি আলফা (স্বাধীন)ৰ নেতা অৰুণোদয় দহটীয়াই প্রণৱ কুমাৰ গগৈক মুকলি কৰি দিয়া বুলি অৱগত কৰে৷ সেইদৰে কুইপ অইল এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ দিল্লীস্থিত শীর্ষ বিষয়া ইক্রাম হুছেইনৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে অপহৰণকাৰীয়ে মুক্তি দিয়া বিষয়টোক লৈ আমি বর্তমান পর্যন্ত আনুষ্ঠানিকভাৱে একো তথ্য লাভ কৰা নাই৷ অৱশ্যে প্রণৱ কুমাৰ গগৈক মোকলাই দিয়া বুলি বিশেষ সূত্রে জানিব পাৰিছো৷ অনুৰূপ মন্তব্য কৰিছে অইলৰ বিষয়া দীপাংকৰ চক্রৱর্তীয়েও৷ প্রণৱ কুমাৰ গগৈৰে পত্নী শিৱসাগৰৰ হাবিৰাম পথৰ বাসিন্দা নমিতা গগৈয়ে স্বামীৰ মুক্তিৰ বাতৰি সংবাদ মাধ্যমযোগে জানিব পৰা বুলি সদৰী কৰে৷

You might also like