বিচিচিআইৰ কেন্দ্রীয় চুক্তিত স্থান লাভ অসমৰ উমা চেত্রীৰ
নিউজ ডেস্ক, ২৫ মাৰ্চঃ ভাৰতৰ ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চলিত ছিজনৰ বাবে মহিলা ক্রিকেটাৰৰ নতুন কেন্দ্রীয় চুক্তি ঘোষণা কৰিছে৷ এইবাৰ ভাৰতীয় দলৰ ১৬গৰাকী মহিলা খেলুৱৈক বার্ষিক কেন্দ্রীয় চুক্তিত স্থান দিয়াৰ কথা ঘোষণা কৰিছে ব’র্ডে৷ কেন্দ্রীয় চুক্তিত স্থান পোৱা ১৬গৰাকী খেলুৱৈৰ ভিতৰত ৩গৰাকী খেলুৱৈক গ্রেড ‘এ’ত, ৪গৰাকীক গ্রেড ‘বি’ত আৰু ৯গৰাকীক স্থান দিয়া হৈছে গ্রেড ‘চি’ত৷ এহ চুক্তিখন বিগত বর্ষৰ ১ অক্টোবৰৰ পৰা চলিত বর্ষৰ ৩০ ছেপ্টেম্বৰলৈকে কার্যকৰী হ’ব৷ বিচিচিআয়ে ঘোষণা কৰা এই নতুন কেন্দ্রীয় চুক্তিত অধিনায়ক হৰমনপ্রীত কৌৰৰ লগতে স্মৃতি মান্ধানা আৰু দীপ্তি শর্মাক গ্রেড ‘এ’ত স্থান দিছে৷ আনহাতে ‘বি’ গ্রেডত ৰেণুকা ঠাকুৰ, জেমিমা ৰড্রিগুৱেজ, ৰিচা ঘোষ আৰু শ্বেফালি বার্মাই স্থান লাভ কৰিছে৷ ইফালে, ভাৰতীয় দলক প্রতিনিধিত্ব কৰি অহা অসমৰ খেলুৱৈ তথা উহকেটকীপাৰ–বেটাৰ উমা চেত্রীয়ে গ্রেড ‘চি’ত স্থান লাভ কৰিছে৷ উমাৰ লগতে গ্রেড ‘চি’ত স্থান লাভ কৰা আনকেইগৰাকী খেলুৱৈ হৈছে ক্রমে য়াস্তিকা ভাটিয়া, ৰাধা যাদৱ, শ্রেয়াংকা পাটিল, টিটাছ সাধু, অৰুন্ধতী ৰেড্ডী, অমনজোত কৌৰ, স্নেহ ৰাণা আৰু পূজা ভষ্ট্রাকাৰ৷ ‘এ’ গ্রেডত অন্তর্ভুক্ত হোৱাৰ সুবাদত হৰমনপ্রীত, মান্ধানা আৰু দীপ্তি শর্মাই লাভ কৰিব ৫০ লাখ টকাকৈ৷ আনহাতে, ৰেণুকা ঠাকুৰ, জেমিমা ৰড্রিগুৱেজ, ৰিচা ঘোষ আৰু শ্বেফালি বার্মাই ৩০ লাখ টকাকৈ লাভ কৰিব৷ গ্রেড ‘চি’ত স্থান লাভ কৰা ৯গৰাকী খেলুৱৈয়ে বার্ষিক ১০ লাখ টকাকৈ লাভ কৰিব৷