নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰিৱৰ্তিত চিৰাঙৰ বান পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : মঙলবাৰৰ নিশাৰ ভাগত সৃষ্টি হোৱা চিৰাং জিলাৰ বান পৰিস্থিতি বৰ্তমানলৈ অপৰিৱৰ্ত্তিত হৈ আছে। জিলাখনৰ অন্তৰ্গত খুংখ্ৰাঝোৰা গাঁৱত বাঢ়নী পানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। পানীত আবদ্ধ হৈছে গাঁওখনৰ গঞা-ৰাইজ। যাৰ বাবে কালি নিশাৰ ভাগত প্ৰশাসন আৰু এছ ডি আৰ এফ বাহিনীৰ দলে নাৱৰ সহায়ত উদ্ধাৰ অভিযানত নামি পৰিছে। ইতিমধ্যে কেইবাটাও পৰিয়ালক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। মাক্ৰা, কানামাক্ৰা নদীৰে ভূটানৰ পৰা নামি অহা পানীৰ কোবাল সোঁতে বহু গাঁও প্লাৱিত কৰাৰ লগতে গঞা-ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like