‘আংকলজী, মেৰা পাপাকো ছ’ৰ দিজিয়ে’
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ কুইপ’ অইল এণ্ড গেছ ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ দুই কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ বিগত দুমাহে আছে আলফা (স্বাধীন)ৰ জিম্মাত৷ মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা দুয়োকে মোকলাই দিবলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল–সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে সশস্ত্র সংগঠনটোক আহ্বান জনাইছে৷ ইয়াৰ মাজতে অপহূত বিহাৰৰ বাসিন্দা ৰাম কুমাৰৰ পাঁচ বছৰীয়া কণমানি পুত্রই আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্রতি জনোৱা কাতৰ আহ্বানে হূদয়ৱান প্রতিজন ব্যক্তিৰে মন–মগজু জোকাৰি গৈছে৷ হাতযোৰ কৰি হিন্দী ভাষাতে পাঁচ বছৰীয়া আদিত্যৰ আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্রতি আহ্বান– ‘আংকলজী, মেৰা পাপাকো ছ’ৰ দিজিয়ে৷ মেৰা টবিয়ত খাৰাপ হ্যেই৷ মেৰা উনকা ছিবা কই নেহী হ্যেই৷ প্লীজ মেৰা পাপাকো ছ’ৰ দিজিয়ে৷’ পিতৃৰ মুক্তিৰ অপেক্ষাত ক্ষণ গণি থকা পাঁচ বছৰীয়া আদিত্য দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্রান্ত৷ পাটনাৰ এইমছত তেওঁৰ চিকিৎসা চলিছিল৷ পুত্রৰ চিকিৎসাৰ বাবে ১০ লাখ টকাৰ ঋণ লৈছিল পিতৃ ৰাম কুমাৰে৷ কিন্তু আলফাই অপহৰণ কৰি নিয়াৰ পাছত কণমানিটোৰ চিকিৎসাৰ ক্ষেত্রতো সমস্যাত ভুগিছে দুর্ভগীয়া পৰিয়ালটোৱে৷ এতিয়া সমগ্র বিষয়টো মানৱীয় দৃষ্টিকোণৰ পৰা চাই আলফা (স্বাধীন) তথা সশস্ত্র সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কি সিদ্ধান্ত গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷