নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অসাংবিধানিক স্বামীৰ উজান

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ যোৱানিশাৰ পৰা ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত আৰম্ভ হোৱা ধুবুৰী আৰক্ষীৰ বাল্য বিবাহ বিৰোধী বিৰূদ্ধে অভিযানত এতিয়ালৈ ১৯০গৰাকী গ্ৰেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী সদৰ থানা এলেকাৰ পৰা ৩৩গৰাকী, গৌৰীপুৰ থানা এলেকাৰ পৰা ৪২গৰাকী, গোলকগঞ্জ থানা এলেকাৰ পৰা ৪০গৰাকী, আগমণি থানা এলেকাৰ পৰা ৭গৰাকী, তামাৰহাট থানা এলেকাৰ ১২গৰাকী, বিলাসীপাৰা থানা এলেকাৰ পৰা ৩৪গৰাকী, সাপটগ্ৰাম থানা অঞ্চলৰ পৰা ১১গৰাকী আৰু চাপৰ থানা এলেকাৰ পৰা ১১গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহতো বাল্য বিবাহবিৰোধী অভিযানত অবৈধ স্বামী, অভিভাৱক, কাজী, পূজাৰীকে ধৰি ১৫৪গৰাকীক আটক কৰিছিল আৰক্ষীয়ে। জানিব পৰা মতে, কালি নিশাৰ পৰা আৰম্ভ হোৱা ধুবুৰী আৰক্ষীৰ বাল্য বিবাহবিৰোধী অভিযান এতিয়াও অব্যাহত আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like