নিয়মীয়া বাৰ্তা, ৩০ মেঃ গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত খৰাং পৰিস্থিতিৰ হেতু কৃষকসকলে মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে। ৰঙালী বিহুৰ আগৰ পৰা জিলাখনত পৰ্যাপ্ত বৰষুণ নোহোৱাত সম্প্ৰতি শস্য-মৎস বিলুপ্তিৰ দিশে ধাৱমান হৈছে। বিশেষকৈ গোলাঘাট জিলাৰ ফৰকাটিং, আঠগাঁও আঠখেলীয়া, মক্ৰং, ঘিলাধাৰী, বৰুৱাগাঁও, জামুগুৰি, বালিজান, মাটিখোলা, কমাৰবন্ধা, দৈয়াং অঞ্চলৰ লগতে ধনশিৰি মহকুমাৰ বিলগাঁও, সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান আদি অঞ্চলত বৰষুণৰ অভাৱত আগতীয়া ধানৰ কঠীয়া সিঁচিব পৰা নাই। অৰ্থাৎ আৰু কিছুদিনৰ পাছত আহাৰ মাহৰ পৰা ৰুবলৈ আৰম্ভ কৰা আগতীয়া ৰণজিৎ, বাহাদুৰ, পাইজুং, গয়া আদি ধানৰ কৃষি-কাৰ্য কৰাৰ সময় উকলি যোৱাৰ উপক্ৰম ঘটাত কৃষকসকল চিন্তিত হৈ পৰিছে।আনহাতে, জিলাখনৰ তীব্ৰ খৰাং পৰিস্থিতিৰ প্ৰভাৱত অঞ্চলসমূহৰ দাঁতিকাষৰীয়া ভালেকেইখন নদ-নদী আৰু খাল-বিলৰ পানী শুকাই যোৱাত চলিত বৰ্ষত মাছৰ প্ৰজনন হ্ৰাস পোৱাৰ উপক্ৰম হৈছে। আনহাতে, সংশ্লিষ্ট অঞ্চলসমূহত শ শ শিক্ষিত নিবনুৱাই বিঘাই বিঘাই মাটিত চাহখেতি ৰোপণ কৰি কেঁচা চাহপাত উৎপাদন কৰি পৰিয়াল পৰিচালনা কৰি আহিছে যদিও পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজতো হাহাকাৰৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত চাহ বাগিচাসমূহতো সাৰ প্ৰয়োগ কৰা সময় একেবাৰে সমাগত যদিও বৰষুণৰ অভাৱত সাৰ প্ৰয়োগ কৰিব পৰা নাই। ফলস্বৰূপে ক্ষুদ্ৰ চাহ বাগিচাসমূহত কেঁচাপাতৰ উৎপাদন তেনেই শূন্য। বহু কৃষকে চাহ বাগিচা কলম কৰা পাছৰ পৰা মাত্ৰ এবাৰ বা দুবাৰহে কেঁচাপাত ছিঙি বহি থাকিব লগা হৈছে। অতি স্পৰ্শকাতৰ বিষয় যে জনসংখ্যা বৃদ্ধিৰ লগে লগে একাংশ মানুহে অবাধ গতিত বনধ্বংস কৰি অহাৰ পৰিণতিত বছৰি বৰষুণৰ পৰিমাণ হ্ৰাস পাই আহিছে। ইফালে, একৈশ শতিকাৰ বিজ্ঞানৰ চৰম উন্নতিৰ যুগতো আমাৰ মুলুকৰ কৃষকসকলে কৃষিকৰ্মৰ বাবে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱাটো অতি পৰিতাপৰ কথা। পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলসিঞ্চন নামৰ বিয়াগোম বিভাগটোৱে নদীবান্ধ, শ্লুইচ গেট বা গভীৰ নলীনাদ আদি স্থাপন কৰি কৃষকৰ কথা চিন্তা কৰা হ’লে কৃষকসকল উপকৃত হ’লহেঁতেন। চৰকাৰে আন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ লগতে কৃষকসকলৰ বাবেও গঠনমূলক পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে।
প্ৰেৰক পৰাগ বৰুৱা