বিশেষ বাৰ্তা, ১৩ আগষ্ট : চৰাইদেউ জিলাৰ অসম-নাগালেণ্ডৰ সীমা হিচাপে চিহ্নিত হৈ অহা ৰাবাৰ নৈত কালি বিয়লি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। উল্লেখযোগ্য যে প্রতিবেশী ৰাজ্যখনৰ মন জিলাৰ পৰা বৈ অহা নৈখনৰ নাগালেণ্ডৰ দিশে পানী যুৱলিত লাগি থকা অচিনাক্ত উৱলি যোৱা মৃতদেহটো পাছত টিজিট থানাৰ নগা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মন জিলাৰ সদৰত থকা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃতদেহটোৰ সোঁহাতৰ তৰ্জনী আঙুলি এটা ক্ষত অৱস্থাত আছে আৰু এয়া চাহ জনগোষ্ঠীয় কোনো প্রৌঢ় লোকৰ বুলি ধাৰণা কৰা হৈছে।
প্ৰেৰক দীপাংকৰ পাল