নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ নলবাৰী জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আৰু ট্ৰাক শ্ৰমিক ইউনিয়ন টিহুৰ সহযোগত টিহু মিলিত সংঘৰ বাকৰিত শতাধিক বাণিজ্যিক যান বাহনৰ কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তি উপস্থিত এখন সভা অনুষ্ঠিত কৰা হয়। মূলতঃ “Cholamandalam investment and finance company, Ltd Chennai” অৰ্থ সাহায্যত গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা নিৰ্মাণ কৰা বাণিজ্যিক যান বাহন কৰ্মচাৰীৰ বাবে অনাময় ব্যৱস্থা হস্তান্তৰৰ বাবে এই সভাখন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে ট্ৰাক শ্ৰমিক ইউনিয়ন টিহুৰ সভাপতি শৈলেন গোস্বামী। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকা, টিহু পৌৰসভাৰ সভানেত্ৰী হিমানী মজুমদাৰ, টিহু পৌৰ সভাৰ উপসভাপতি ড° সুৰাজিত বৰ্মন, ট্ৰাক শ্ৰমিক ইউনিয়ন টিহুৰ উপদেষ্টা জিতেন তালুকদাৰ, অৱসপ্ৰাপ্ত অধ্যাপক দিলীপ লহকৰ আৰু মিলিত সংঘৰ সভাপতি কুলেশ চন্দ্ৰ শৰ্মা। ট্ৰাক শ্ৰমিক ইউনিয়ন টিহুৰ সম্পাদক লুটফুৰ ৰহমানে আঁত ধৰা সভাখনৰ আৰম্ভণিতে অনাময় ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে টিহু পৌৰ সভাৰ পৌৰপতি হিমানি মজুমদাৰে। উদ্বোধনী বক্তব্যত তেওঁ Cholamandalam investment and finance company, Ltd Chennai” বাণিজ্যিক বাহনৰ কৰ্মচাৰীৰ সুবিধাৰ্থে গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা এই প্ৰকল্পটো ৰূপায়ন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে পৰবৰ্তী দিনত যিকোনো উন্নয়ন মূলক কৰ্মত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।সভাত গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকাই তেওঁৰ বক্তব্যত Cholamandalam investment and finance company, Ltd Chennai” বাণিজ্যিক বাহনৰ কৰ্মচাৰী সকলৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি অহাৰ কথা ৰাইজক অৱগত কৰে। লগতে ট্ৰাক শ্ৰমিক ইউনিয়ন টিহু আৰু মিলিত সংঘৰ লগত যৌথ আলোচনৰ ভিত্তিত অনাময় ব্যৱস্থাৰ স্থান নিৰ্ধাৰণ কৰা হৈছিল বুলি ৰাইজক অৱগত কৰে। উক্ত সভাত আন এগৰাকী বিশিষ্ট ব্যক্তি ড° সুৰজিত বৰ্মনে গ্ৰাম্য বিকাশ মঞ্চই ইমান দিনে ধৰি আগবঢ়াই অহা সেৱা আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাত সভাপতিত্ব কৰা ট্ৰাক শ্ৰমিক ইউনিয়ন টিহুৰ সভাপতি শৈলেন গোস্বামীয়ে ভাষণৰ জৰিয়তে সমূহ বাণিজ্যিক যান বাহনৰ কৰ্মচাৰীক আহ্বান জনায় যাতে এই অনাময় ব্যৱস্থা প্ৰকল্পটোৰ জৰিয়তে প্ৰায় তিনি সহস্ৰাধিক বাণিজ্যিক কৰ্মচাৰী উপকৃত হব। তাৰ লগতে এই প্ৰকল্পৰ জৰিয়তে বিকল্প আয়ৰ ব্যবস্থাৰ বাবে বৰপেটা, টিহু আৰু বৰমা ট্ৰাক উনিয়ন মুঠ ১৮ গৰাকী হিতাধিকাৰি নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈছে। উক্ত প্ৰকল্প টোৰ জৰিয়তে বাণিজ্যিক যান বাহনৰ কৰ্মচাৰীসকলৰ বাবে ১০টা স্থানত “Water sanitisation and hygiene (WASH) বিষয়ক সজাগতা সভা অনুস্থিত কৰা হৈছে তাৰ উপৰিও বিত্তীয় সাক্ষৰতা, ডিজিটেল নিৰাপত্তা আৰু সামাজিক নিৰাপত্তাৰ ওপৰত বৰমা আৰু টিহুৰ মাজত ২০টা স্থানত কাৰ্যসুচী অনুষ্ঠিত কৰা হৈছে। লগতে বাণিজ্যিক বাহনৰ কৰ্মচাৰী সকলৰ মাজত ৫টা স্থানত স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। সভাত গ্ৰাম্য বিকাশ মঞ্চৰ ৰাইজৰ উপস্থিতিত অনাময় ব্যৱস্থা চোৱাচিতা কৰাৰ বাবে ট্ৰাক শ্ৰমিক ইউনিয়ন টিহুক আনুষ্ঠানিকভাবে দায়িত্ব অৰ্পন কৰে লগতে আৰু লগতে স্বাস্থ্য পৰীক্ষা কৰা সঁজুলি আৰু দুটা solar light এই প্ৰকল্পৰ জৰিয়তে প্ৰদান কৰা হয়।
প্ৰেৰক শ্বাহ আলম আহমেদ