দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিক সাক্ষাৎ ড০ হিমন্ত বিশ্ব শৰ্মাৰ
বিশেষ বাৰ্তা, ২৪ জুলাইঃ দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথমন্ত্ৰী নীতিন গাডকাৰিক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাত কৰে। পুৱাৰ ভাগত হোৱা এই সাক্ষাতকালত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাঁইপথ সংক্ৰান্ত আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কামকাজ ত্বৰান্বিত কৰিবলৈ বিভাগীয় মন্ত্ৰীজনক অনুৰোধ ব্যক্ত কৰে। বিশেষকৈ গহপুৰ-নুমলীগড় সংযোগকাৰী ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ, কাজিৰঙাৰ উৰণীয়া সেতু আৰু গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণকাৰ্যক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গাডকাৰিৰ সৈতে আলোচনা কৰা বুলি চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে। আলোচনাকালত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহক চাৰি লেনলৈ উন্নীত কৰাৰ বিষয়টোও গুৰুত্ব লাভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী গাডকাৰিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাক আন্তঃগাঁথনিমূলক কামকাজ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। গাডকাৰিক সাক্ষাতৰ পিছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জি কিশান ৰেড্ডীৰ সৈতেও তেওঁৰ বিভাগীয় কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীজনে ডোনাৰমন্ত্ৰীগৰাকীৰ সৈতে পিএম-ডিভাইন আৰু উত্তৰপূব বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ নিৰ্মাণকাৰ্যৰ পৰ্যালোচনা কৰে। লগতে ডোনাৰ মন্ত্ৰালয়ৰ অধীনস্থ আন কিছুমান উন্নয়নমূলক প্ৰকল্পক লৈও তেওঁলোকে আলোচনা কৰা বুলি প্ৰেছ বিবৃতিটোত প্ৰকাশ কৰা হৈছে। পাছত মুখ্যমন্ত্ৰীজনে টুইটাৰত প্ৰকাশ কৰা মতে, তেলেংগানাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভৰ বাবে তেওঁ জি কিশান ৰেড্ডীক শুভকামনা জ্ঞাপন কৰে।