ব্যৱসায়ৰ আদর্শ ৰাজ্যৰ তালিকাৰ ২০ নম্বৰ স্থানত অসম
বাণিজ্য মন্ত্রালয়ৰ প্রতিবেদনত উন্মোচিত ৰাজ্যৰ বাণিজ্যৰ দুৰৱস্থা
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ অসমৰ ব্যৱসায়–বাণিজ্যৰ দুৰৱস্থা উন্মুক্ত হ’ল কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ৰ এক প্রতিবেদনত৷ এই প্রতিবেদনৰ পাছত নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ত ব্যৱসায়–বাণিজ্যৰ বাবে অসম কিমান উপযোগী ৰাজ্য, সেই সন্দর্ভত আজি প্রশ্ণ উত্থাপন হৈছে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ উপস্থিতিত কেন্দ্রীয় বাণিজ্যমন্ত্রী পীয়ূষ গোৱেলে আজি উন্মোচন কৰা ‘বিজনেছ ৰিফর্ম একচন প্লেন ২০১৯’ শীর্ষক প্রতিবেদনত দেখা গ’ল ব্যৱসায়–বাণিজ্য কৰাৰ বাবে সমগ্র দেশৰ ভিতৰত উপযোগী ৰাজ্য হিচাপে (ইজ অৱ ডুয়িং বিজনেছ) অসমৰ স্থান হৈছে ২০ নম্বৰ৷ স্মৰণযোগ্য যে ২০১৮ চনত দেশৰ ভিতৰত ১৭ নম্বৰ ৰাজ্য আছিল অসম৷ মাত্র এবছৰতে তিনি খোজ পিছুৱাই আহিল মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে পথ প্রদর্শন কৰা অসমৰ ব্যৱসায়–বাণিজ্য৷
পিছে ‘হাঁহৰ ওপৰত শিয়াল ৰজা’ৰ দৰে উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত ব্যৱসায়–বাণিজ্য সুচল কৰাৰ দিশত অসমে প্রতি বছৰৰ দৰে এইবাৰো প্রথম স্থান দখল কৰিছে৷ সেই হিচাপত দেশৰ মুঠ ৩৬খন ৰাজ্যৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহ ক্রমে মিজোৰাম ২৫ নম্বৰত, অৰুণাচল প্রদেশ ২৯ নম্বৰত, মণিপুৰ ৩১ নম্বৰত, মেঘালয় ৩২ নম্বৰত, নাগালেণ্ড ৩৩ নম্বৰত, ছিকিম ৩৫ নম্বৰত আৰু তালিকাৰ অন্তিম ৰাজ্য হিচাপে ত্রিপুৰাই স্থান লাভ কৰিছে ৩৬ নম্বৰত৷ পিছে মিজোৰাম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু মেঘালয়ে ২০১৮ চনতকৈ ২০১৯ চনত ব্যৱসায়–বাণিজ্যৰ বাবে উন্নত পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ইপিনে, সমগ্র দেশৰ ভিতৰত ইজ অৱ ডুয়িং বিজনেছত দেশৰ ভিতৰত পুনৰ ১ নম্বৰ স্থান দখল কৰিছে অন্ধ্রপ্রদেশে৷ দ্বিতীয় স্থান লাভ কৰিছে যোগী আদিত্যনাথৰ উত্তৰ প্রদেশে৷ তৃতীয় স্থান আছে অন্ধ্রপ্রদেশৰ পৰা পৃথক হোৱা তেলেংগানা৷ মণ্ডল ভিত্তিত উত্তৰ ভাৰতৰ ভিতৰত প্রথমখন ৰাজ্য হৈছে উত্তৰ প্রদেশ৷ দক্ষিণ ভাৰতৰ ভিতৰত প্রথমখন ৰাজ্য হৈছে অন্ধ্রপ্রদেশ৷
অনুৰূপভাৱে পূব আৰু পশ্চিম ভাৰতৰ ভিতৰত প্রথম স্থান দখল কৰিছে ক্রমে ঝাৰখণ্ড আৰু মধ্য প্রদেশে৷ আনহাতে, কেন্দ্রীয়শাসিত ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ব্যৱসায়–বাণিজ্য কৰাৰ উপযোগী ৰাজ্য হিচাপে প্রতিষ্ঠিত হৈছে দেশৰ ৰাজধানী দিল্লী৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ৰ শ্লোগানৰ আঁত ধৰি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগমন্ত্রী পীয়ূষ গোৱেলে আজি বিভাগীয় প্রতিবেদন উন্মোচন কৰি আত্মনির্ভৰ ভাৰতৰ বাবে দেশত ব্যৱসায়–বাণিজ্য সুচল আৰু সুগম কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷