নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিলৈ পত্ৰ মিছামাৰীৰ যুৱকৰ

🔹 মিছামাৰী গৰুবন্ধাৰ জৰাজীৰ্ণ-বোকাপানীৰে ভৰা পকীপথ

নিয়মীয়া বাৰ্তা,  ৬ ছেপ্টেম্বৰ : প্ৰকৃত সমাজকৰ্মীৰ কাৰণে সমাজৰ কাম কৰিবলৈ ধন, টকা-পইচা কিম্বা জনবল, ধনবল বিশেষ একোৰেই প্ৰয়োজন নহয় ! লাগে কেৱল ইচ্ছা, সদিচ্ছা, একাগ্ৰতা আদি ৷ বিশেষকৈ আজিৰ দিনত কোনোবা দল-সংগঠন, সংস্থা আদিত জড়িত হোৱাসকলকহে আমি সমাজকৰ্মী বুলি জানো বা তেওঁলোকে তেনেকৈ চিনাকি দিয়ে ৷ কিন্তু বহু সময়ত দেখা যায় কিছুসংখ্যক লোকে প্ৰচাৰবিমুখ হৈ নীৰৱে সমাজৰ হিতৰ কাৰণে অহৰহ সেৱা আগবঢ়াই আহিছে ৷ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ এক নম্বৰ ধানমৰা গাঁৱৰ পবিত্ৰ সৰকাৰ নামৰ যুৱকগৰাকীও তেওঁলোকৰ মাজৰে এজন বুলি পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ মিছামাৰী সামৰিক ঘাটিৰ মাজমজিয়াত অৱস্থিত শ্বপিং চেণ্টাৰৰ এখন কাপোৰৰ দোকানত কৰ্মচাৰী হিচাপে কৰ্মৰত পবিত্ৰ সৰকাৰে কৰ্মস্থলীলৈ ঘৰৰ পৰা অহা-যোৱা কৰোঁতে উল্লেখিত গৰুবন্ধা চেণ্টাৰৰ সদাব্যস্ত জৰাজীৰ্ণ, বোকা-পানীৰে উপচি থকা পকীপথৰ ওপৰেদি দুচকীয়া, চাৰিচকীয়া বাহন চলাচল কৰাৰ দৰে নিজৰ দুচকীয়া বাহনখন লৈ যমৰ যন্ত্ৰণা ভুগি অহা-যোৱা কৰি আহিছে ৷ উল্লেখিত জৰাজীৰ্ণ পথটি পূৰ্বৰ ঢেকীয়াজুলি সমষ্টি আৰু বৰ্তমান বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামাৰী জিলা পৰিষদৰ গৰুবন্ধা পঞ্চায়তত অৱস্থিত ৷ উল্লেখ্য যে গৰুবন্ধা পঞ্চায়ত যোৱা পাঁচ বছৰে বিজেপিৰ দখলত আছিল ৷ স্থানীয় ৰাইজে কল্যাণকামী চৰকাৰখনে সদাব্যস্ত আৰু সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা পথটি শীঘ্ৰে মেৰামতি তথা সুচল কৰি ৰাইজৰ দুৰ্ভোগ লাঘৱ কৰিব বুলি আশা কৰিছিল ৷ কিন্তু বিগত পাঁচটা বছৰে পঞ্চায়ত কৰ্তৃপক্ষ কিম্বা জনপ্ৰতিনিধিসকলে কাণসাৰ নিদিলে ৷ মাজে সময়ে সাধাৰণ লোকেও অসাধাৰণ কাম কৰি দেখুওৱাৰ দৰে দোকানত কাম কৰি জীৱন নিৰ্বাহ কৰা পবিত্ৰ সৰকাৰ নামৰ যুৱকগৰাকী আনসকলৰ দৰে নিজেও ভুক্তভোগী। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিলৈ জৰাজীৰ্ণ পথটো সন্দৰ্ভত অৱগত কৰিবলৈ নিজাববীয়াকৈ এখন পত্ৰ লিখাৰ চিন্তা কৰে ৷ ভবা মতেই কাম আৰু পলম নকৰি পবিত্ৰ সৰকাৰে শাসনাধিষ্ঠিত চৰকাৰখনে ইতিমধ্যে মুকলি কৰা Meri Sadak PMGSY এপছত পৰিবহণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰিক সম্বোধন কৰি এখন পত্ৰ লিখে ৷ যোৱা ৬ আগষ্টত পবিত্ৰ সৰকাৰে মেইলযোগে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছত ২১ আগষ্টত তেওঁলৈ বিভাগীয় কাৰ্যালয়ৰ পৰা ফোন আহে আৰু গড়কাপ্টানী বিভাগৰ লোকে পবিত্ৰ সৰকাৰৰ সৈতে উক্ত পথটো সন্দৰ্ভত বিতংকৈ জনাৰ চেষ্টা কৰে ৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিলৈ আবেদন জনোৱা পবিত্ৰ সৰকাৰক বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে যিহেতু বৰ্তমান পথটো সুচল কৰিবলৈ চৰকাৰী বাজেট নাই, তৎসত্ত্বেও ৰাইজৰ সুবিধাৰ্থে পথটোৰে অহা-যোৱা কৰাৰ সুবিধা কৰিবলৈ পানী জমা হোৱা ঠাইবোৰত শীঘ্ৰে শিল-বালিৰে মেৰামতি কৰি দিব বুলি তেওঁক বিভাগীয় কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰে বুলি জানিবলৈ দিছে ৷ সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা সদাব্যস্ত পকী পথটো সুচল হ’লে নিশ্চয়কৈ ৰাইজৰ সুবিধা হ’ব বুলি দাবী কৰিব পাৰি ৷

প্ৰেৰক বগা তপ্ন

You might also like