নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ অম্বুবাচী মেলাৰ বাবে কামৰূপ (মহানগৰ) জিলাৰ প্রাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্রথম গোটৰ পৰীক্ষা সাময়িকভাৱে স্থগিত কৰিছে শিক্ষা বিভাগে৷ এই সন্দর্ভত কামৰূপ (মহানগৰ) জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক তথা জিলা সমন্বয়ক দীপিকা চৌধুৰীয়ে জাৰি কৰা নির্দেশ অনুসৰি অহা ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে এই সময়ছোৱাৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত নহয়৷ উল্লেখ্য যে কামৰূপ (মহানগৰ) জিলাৰ বিদ্যালয়সমূহত প্রথম গোটৰ পৰীক্ষা ১৮ জুনৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ শৈক্ষিকপঞ্জী অনুসৰি এই পৰীক্ষাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰা হৈছিল যদিও অম্বুবাচী মেলাৰ বাবে বিদ্যালয়সমূহৰ পৰিদর্শকে জাৰি কৰা নির্দেশনাৰ পিছতে পৰীক্ষাসমূহ স্থগিত ৰখা হৈছে৷ পৰীক্ষা স্থগিত ৰখাৰ বাবে জাৰি কৰা নির্দেশটোত স্পষ্ট কৰা হৈছে যে অম্বুবাচী মেলাৰ বাবে বিভিন্ন প্রান্তৰ পৰা আহিব লগা ভক্তৰ ভিৰে ছাত্র–ছাত্রীসকলক কিছু সমস্যাৰ সৃষ্টি কৰিব৷ পৰৱর্তী সময়ত পৰীক্ষাৰ নতুন কার্যসূচী ঘোষণা কৰা হ’ব৷