নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত নলবাৰীৰ ইউনাইটেড হাস্পতাল

বিশেষ বাৰ্তা, ৬ মাৰ্চঃ পুনৰ বিতৰ্কত নলবাৰী চহৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ‘ইউনাইটেড হাস্পতাল’। এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চিকিৎসালয়খনৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ বাবে ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। জানিব পৰা মতে, নলবাৰীৰ বৰনৰ্দ্দী গাঁৱৰ অঞ্জু ডেকা নামৰ এগৰাকী মহিলাক আজি উচ্চ ৰক্তচাপজনিত কাৰণৰ বাবে চিকিৎসালয়খনত আজি  দুপৰীয়া পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল। ইতিমধ্যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিটি স্কেনো কৰা হৈছিল৷ কিন্তু চিকিৎসালয়খনত অক্সিজেনৰ অভাৱৰ বাবে অঞ্জু ডেকাৰ মৃত্যু হোৱাৰ অভিযোগ কৰে পৰিয়ালটোৱে৷ এই লৈ দুৰ্ভগীয়া মহিলাগৰাকীৰ পৰিয়ালটোৱে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like