পৃথিৱীলৈ আন এক সংকট- শেষ হৈ আহিছে বালিঃ কেনিয়াস্থিত ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যক্রমৰ সকীয়নি
নিয়মীয়া বাৰ্তা, ৪ মেঃ বিশুদ্ধ খোৱাপানীৰ নাটনিৰ পিছত এইবাৰ পৃথিৱীত বালিৰ সংকট ঘনীভূত হৈছে৷ শীঘ্রে বালিৰ নাটনিৰ বাবে পৃথিৱী নতুন সংকটৰ সন্মুখীন হ’ব৷ পানীৰ পিছত পৃথিৱীত দ্বিতীয় সর্বাধিক ব্যৱহূত বালিৰ অসংৰক্ষিত ব্যৱহাৰৰ ফলশ্রুতিত পৃথিৱীৰ পৰা বালি শেষ হৈ আহিছে৷ কেনিয়াস্থিত ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যক্রমে সকীয়নি দিয়া মতে মানৱ জাতিয়ে প্রয়োজনতকৈ অধিক দ্রুতগতিত বালি ব্যৱহাৰ কৰি থকাৰ নেতিবাচক প্রভাৱ ইতিমধ্যে আৰম্ভ হৈছে৷ কিয়নো জৈৱিক প্রক্রিয়ামতে বালিৰ উৎপাদন হ’বলৈ কেইবাহাজাৰ বছৰৰ প্রয়োজন৷ বালি সম্পদৰ সঠিক ব্যৱহাৰ যদি শীঘ্রে দেশসমূহে কৰিব নোৱাৰে, তেতিয়াহ’লে বালিৰ ভয়াৱহ সংকট নামি অহাটো নিশ্চিত৷ লক্ষণীয় যে বালি কংক্রিটৰ আন্তঃগাঁথনি নির্মাণৰ লগতে গ্লাছৰ বেৰ নির্মাণতো ব্যৱহূত হয়৷ সকলো নির্মাণতে বালিৰ ব্যৱহাৰ হোৱাৰ বাবে ইয়াৰ চাহিদা দ্রুতগতিত বৃদ্ধি পোৱাত অবৈধ বালিৰ খনন আৰম্ভ হৈছে আৰু ইয়ে পৰিৱেশতো আঘাত কৰিছে৷ বিগত দুটা দশকত প্রতিবছৰে বালি ৫০ বিলিয়ন টন ব্যৱহাৰ হয়৷ এজন ব্যক্তিৰ বাবে প্রতিদিনে ১৭ কিঃগ্রাম ব্যৱহাৰ হৈ আছে৷ ইয়ে নদী, উপকূলীয় অঞ্চল আৰু দ্বীপসমূহত বালিৰ উৎপাদনত অশনি সংকেত কঢ়িয়াই আনিছে৷