বিশ্ববিদ্যালয়ৰ নামভর্তিত নাথাকিব জাতি-বর্ণ : মার্কিন SCৰ কঠোৰ নির্দেশ
বিশেষ বাৰ্তা, ১ জুলাইঃ আমেৰিকা যুক্তৰাষ্ট্রৰ উচ্চতম ন্যায়ালয়ে বিশ্ববিদ্যালয়ৰ নামভর্তিৰ ক্ষেত্রত কালি নতুন নির্দেশ জাৰি কৰিছে৷ সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি এতিয়াৰে পৰা বিশ্ববিদ্যালয়ৰ নামভর্তিত জাতি–বর্ণ ব্যৱহাৰ কৰিব নোৱাৰিব৷ ন্যায়ালয়ৰ এই নির্দেশে কেইবাদশক পুৰণি নীতিত মোক্ষম আঘাত হানিলে৷ শৈক্ষিক ক্ষেত্রখনত আফ্রিকান–এমেৰিকান আৰু আন সংখ্যালঘু সম্প্রদায়ৰ লোকে উচ্চতম ন্যায়ালয়ৰ এই নিষেধাজ্ঞাত লাভৱান্বিত হ’ব৷ মুখ্য ন্যায়াধীশ জন ৰ’বার্টে সংখ্যাগৰিষ্ঠ মতৰ আধাৰত বিশ্ববিদ্যালয়ৰ নামভর্তিত জাতি–বর্ণ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰে৷ বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা শিক্ষার্থীৰ অভিজ্ঞতাৰ আধাৰত নামভর্তি কৰিব লাগিব৷ মন কৰিবলগীয়া যে দেশখনৰ বিশ্ববিদ্যালয়ত দশক দশক ধৰি শিক্ষার্থীয়ে শ্বেতাংগ, কৃষ্ণাংগ আৰু আন বর্ণৰ বুলি উল্লেখ কৰিব লাগিছিল৷ শৈক্ষিক ক্ষেত্রখনক উজ্জীৱিত কৰাৰ লক্ষ্যৰে এই নিষেধাজ্ঞা জাৰি কৰে ন্যায়ালয়ে৷