নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ জে বি–শিৱসাগৰ–নগাঁও লখিমপুৰ–গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মর্যাদা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: অসমত নতুন ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎ কৰাৰ বাবে চলি থকা প্রস্তুতিৰ মাজতে শনিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ গুৰুত্বপূর্ণ ঘোষণা– ৰাজ্যৰ ৫খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব৷

উত্তৰ–পূব শৈক্ষিক সন্মিলনত শনিবাৰে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই ঘোষণা কৰি কয়– শিৱসাগৰ, লখিমপুৰ, নগাঁও আৰু যোৰহাটৰ জে বি কলেজৰ লগতে গুৱাহাটীৰ সন্দিকৈ কলেজক বিশ্ববিদ্যালয়ৰ স্বীকৃতি দিয়া হ’ব৷ অহা দুবছৰৰ ভিতৰত এই সমগ্র প্রক্রিয়া সম্পন্ন কৰা হ’ব৷ ইতিমধ্যে ইয়াৰ খচৰা প্রস্তুত কৰা হৈছে আৰু অহা ২৫ নৱেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত এই সন্দর্ভত লোৱা হ’ব গুৰুত্বপূর্ণ সিদ্ধান্ত৷

মুখ্যমন্ত্রী ড০ শর্মাৰ এই ঘোষণাই ৰাজ্যৰ উক্ত পাঁচ উচ্চ শিক্ষানুষ্ঠানলৈ কার্যতঃ সুখবৰ কঢ়িয়াই আনিছে৷ নতুন শিক্ষা নীতি বলৱৎ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে উচ্চ পর্যায়ৰ কমিটী৷ তদুপৰি শিক্ষা আয়োগ গঠনৰ জাননী জাৰি কৰাৰ লগতে আন কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে৷ শিক্ষকসকলৰ বদলীকৰণ এতিয়াৰে পৰা অনলাইনৰ জৰিয়তে হ’ব বুলিও মুখ্যমন্ত্রীয়ে আজি স্পষ্ট কৰি দিয়ে৷

You might also like