নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিআইতকৈ ওপৰৰ তদন্ত দিলেও আমাৰ আপত্তি নাই

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: বি টি আৰৰ বনাঞ্চলত উচ্ছেদৰ প্রকাশ্যে বিৰোধিতা কৰিছে বি পি এফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে অতি স্পষ্টভাৱে কয় যে বি টি আৰৰ বনাঞ্চলত উচ্ছেদ চলোৱাৰ ক্ষেত্রত তেওঁলোকৰ কোনো সহযোগ–সমর্থন নাই৷ তেওঁলোক উচ্ছেদৰ বিৰোধী৷ তেওঁলোকে উচ্ছেদ নিবিচাৰে৷

মহিলাৰীৰ মতে, বি টি আৰৰ বনাঞ্চলত আদিবাসী, গোর্খা, বড়োসকলে বসবাস কৰি আহিছে৷ ২০০৬ চনৰ বন আইন অনুসৰি তেওঁলোকৰ তাত বসবাসৰ অধিকাৰ আছে৷ তেওঁলোকক মাটিৰ পট্টাহে দিব লাগে৷ সেয়ে তেওঁলোকে বি টি আৰৰ বনাঞ্চলত উচ্ছেদ বিচৰা নাই আৰু সমর্থনো নকৰে৷

ইপিনে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে বিভিন্ন দুর্নীতিৰ অভিযোগ তুলি তাৰ তদন্ত চি বি আইক দিয়াৰ পোষকতা কৰাৰ প্রসংগত প্রমোদ বড়োক তীব্র কটাক্ষ কৰি মহিলাৰীয়ে কয় যে চি বি আইৰ ওপৰত আৰু যদি কিবা আছে, তেওঁলোককো তদন্ত কৰিবলৈ দিয়ক৷ তেওঁৰ কোনো আপত্তি নাই৷

আনহাতে, প্রাক্তন বিটিচিপ্রধানজনে বর্তমান মুখ্যমন্ত্রীৰ পৰামর্শ মতে কাম–কাজ কৰি আছে বুলি উল্লেখ কৰি কয় যে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু প্রাক্তন সভাপতি ৰঞ্জিত দাসৰ লগত মুখামুখি কোনো কথা আলোচনা কৰা নাই৷ তেওঁ কেৱল মুখ্যমন্ত্রীৰ লগতহে আলোচনা কৰিছে৷ মুখ্যমন্ত্রীয়ে তেওঁক যেনেধৰণে কাম কৰিবলৈ পৰামর্শ দিছে, তেনেদৰে কাম কৰি আছে৷ মুখ্যমন্ত্রীয়ে এই বিষয়ে জানে বুলি তেওঁ মন্তব্য কৰে৷

You might also like