নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UNLOCK 1.0 , কি কি খোলা থাকিব ? কি কি বন্ধ থাকিব ? চাওক এই প্ৰতিবেদন

নিয়মীয়া বার্তা, ৩১ মে’: ঘাতক মহামাৰী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ কেন্দ্রীয় চৰকাৰে বলৱৎ কৰা চতুর্থ পর্যায়ৰ লকডাউন কাইলৈ অন্ত পৰাৰ পূর্বে শনিবাৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত এলানি নতুন নির্দেশাৱলী জাৰি কৰিছে৷ ইতিমধ্যে ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত এই নির্দেশাৱলী প্রতিখন ৰাজ্য তথা কেন্দ্রীয়শাসিত প্রদেশৰ চৰকাৰলৈ প্রেৰণ কৰা হৈছে৷

লক্ষণীয়ভাৱে চতুর্থ পর্যায়ৰ লকডাউনৰ পাছত মাত্র ক’ভিড–১৯ৰ সংক্রমণৰ বাবে ঘোষিত কনটেইনমেণ্ট জ’ন বা নিয়ন্ত্রণ ক্ষেত্রসমূহতহে পঞ্চম পর্যায়ৰ লকডাউন ১ জুনৰ পৰা ৩০ জুনলৈ সম্পূর্ণৰূপে বলৱৎ হ’ব বুলি ঘোষণা কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ গতিকে পঞ্চম পর্যায়ৰ এই নির্দেশাৱলী বিভিন্ন ক্ষেত্রত পুনৰ মুকলিৰ নির্দেশাৱলী বুলি অভিহিত কৰিছে কেন্দ্রীয় চৰকাৰে৷ পঞ্চম পর্যায়ৰ ক’ভিড–১৯ প্রতিৰোধৰ নির্দেশাৱলীক অভিহিত কৰা হৈছে ‘আনলক–১’ বুলি৷ কেইবাটাও ভাগত এই নির্দেশাৱলীৰ জৰিয়তে ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত চৰকাৰে আগন্তুক ৩০ জুনলৈ কি স্থিতি গ্রহণ কৰা হ’ব সেয়া স্পষ্ট কৰি দিছে৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পৰা প্রকাশ কৰা এই নির্দেশাৱলী অনুসৰি কনটেইনমেণ্ট জ’নৰ বাহিৰে সকলো অঞ্চলতে সকলো কাম–কাজৰ অনুমতি থাকিব৷ এইক্ষেত্রত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে ষ্টেণ্ডার্ড অ’পাৰেটিং প্র’চিডিউৰ (এছ’পি)ৰ অধীনত বিভিন্ন কাম–কাজত অনুমতি প্রদান কৰিব৷ উল্লেখনীয় যে বন্ধ হৈ থকা সকলো ক্ষেত্র পুনৰ মুকলি কৰাৰ বাবে এই নির্দেশনা জাৰি কৰা হৈছে৷ নতুন এই নির্দেশাৱলী অনুসৰি বিভিন্ন ধর্মীয় স্থান তথা ৰাজহুৱা স্থানৰ পূজা–র্চনাস্থলী মুকলি হ’ব ৮ জুনৰ পৰা৷ সেইদৰে হোটেল, ৰেষ্টুৰেণ্ট তথা অন্যান্য অভ্যর্থনা সেৱা পুনৰ মুকলি হ’ব আগন্তুক ৮ জুনত৷ লক্ষণীয়ভাৱে শ্ব’পিং মলসমূহো একেটা দিনত পুনৰ মুকলি কৰাৰ অনুমতি প্রদান কৰিছে কেন্দ্রীয় চৰকাৰে৷ এই কাম–কাজবোৰৰ বাবে কেন্দ্রীয় মন্ত্রালয়, বিভিন্ন বিভাগৰ সৈতে আলোচনামর্মে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে অনুমতি প্রদান কৰিব৷ কিন্তু এই কাম–কাজবোৰ পুনৰ মুকলি হ’লেও ক’ভিড–১৯ৰ সংক্রমণৰ প্রতিৰোধৰ ক্ষেত্রত থকা সামাজিক দূৰত্বকে ধৰি পূর্বৰ বিভিন্ন নিয়মাৱলী মানি চলিব লাগিব৷ বিশেষকৈ সামাজিক দূৰত্ব বর্তাই ৰখা, ফেচ মাস্ক পৰিধান কৰা আদি নির্দেশবোৰ অক্ষত থাকিব৷

ইফালে, নির্দেশাৱলীৰ দ্বিতীয় পর্যায়ত উল্লেখ কৰা হৈছে যে বিদ্যালয়, কলেজ, শৈক্ষিক প্রশিক্ষণ, ক’চিং চেণ্টাৰ আদি সকলোবোৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ সৈতে আলোচনামর্মে মুকলিৰ অনুমতি লাভ কৰিব৷ অর্থাৎ শিক্ষা প্রতিষ্ঠানৰ বিষয়ববীয়া বা ব্যক্তিগত মালিকানাধীন প্রতিষ্ঠানসমূহে সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ পৰা অনুমতি লাভ কৰিব লাগিব৷ অৱশ্যে আগন্তুক জুলাই মাহত এই অনুষ্ঠানসমূহ পুনৰ মুকলিৰ অনুমতিৰ সিদ্ধান্ত লোৱা হ’ব৷ এইক্ষেত্রতো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রস্তুত কৰিব ষ্টেণ্ডার্ড অ’পাৰেটিং প্র’চিডিউৰ৷ নির্দেশাৱলীৰ প্রথম ভাগৰ তৃতীয় পর্যায়ত উল্লেখ কৰা অনুসৰি আন্তর্জাতিক যাত্রীবাহী বিমানসেৱা, মেট্র’ ৰে’ল, চিনেমা হল, জীম, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ, অ’ডিটৰিয়াম আদি পৰিস্থিতিৰ পর্যালোচনা কৰি পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ সকলো সামাজিক, ৰাজনৈতিক, ক্রীড়া, মনোৰঞ্জন, শৈক্ষিক, সাংস্কৃতিক, ধর্মীয় অনুষ্ঠান আৰু অন্যান্য বৃহৎ সমাৱেশৰ ক্ষেত্রতো পৰিস্থিতিৰ পর্যালোচনাৰ পাছতহে পুনৰ মুকলিৰ দিন ঘোষণা কৰা হ’ব৷ ক’ভিড–১৯ প্রতিৰোধী পঞ্চম পর্যায়ৰ এই লকডাউন তথা আনলক–১ৰ প্রথমভাগৰ নির্দেশাৱলী দেশজুৰি বলৱৎ হ’ব৷ লক্ষণীয়ভাৱে দেশজুৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব৷ এই সময়ছোৱাত জৰুৰী সেৱাৰ বাহিৰে সকলো কাম–কাজ দণ্ডনীয় হ’ব৷ স্থানীয় প্রশাসনে নিজৰ অঞ্চলত এই সন্দর্ভত আইনৰ সংশ্লিষ্ট ধাৰা প্রয়োগ কৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ চিআৰপিচিৰ ১৪৪ ধাৰা এইক্ষেত্রত বলৱৎ হ’ব পাৰে৷

স্মর্তব্য যে ৩০ জুনলৈ কনটেইনমেণ্ট জ’নসমূহত লকডাউন অপৰিৱর্তিত থাকিব৷ স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি জিলা প্রশাসনে কনটেইনমেণ্ট জ’নক অন্য স্থানৰ পৰা বিচ্ছিন্ন কৰি ৰখাৰ অধিকাৰ লাভ কৰিব৷ কনটেইনমেণ্ট জ’নত অকল চিকিৎসা, জৰুৰী সেৱা বা বিভিন্ন অত্যাৱশ্যকীয় সামগ্রী যোগান সেৱাৰ অনুমতি থাকিব৷ ইয়াৰ উপৰি অত্যাৱশ্যকীয় সেৱাসমূহ পূর্বৰ দৰেই কনটেইনমেণ্ট জ’নত বাহাল থাকিব বুলি আজিৰ নির্দেশাৱলীত ঘোষণা কৰা হৈছে৷ উল্লেখনীয় যে যিবোৰ অঞ্চলত নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা সংক্রমণৰ আশংকা থাকে, তাক ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহে বাফাৰ জ’ন ঘোষণা কৰিব পাৰিব৷ বাফাৰ জ’নত জিলা প্রশাসনে বিভিন্ন পর্যায়ৰ নিষেধাজ্ঞা বলৱৎ কৰাৰ অধিকাৰ লাভ কৰিব বুলি উল্লেখ কৰা হৈছে৷ আনলক–১ত কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত নিজাববীয়াকৈ বিভিন্ন ব্যৱস্থা গ্রহণৰ অধিকাৰ প্রদান কৰিছে৷ পৰিস্থিতি পর্যালোচনা কৰি কেন্দ্রীয়শাসিত অঞ্চল তথা ৰাজ্যসমূহে কনটেইনমেণ্ট জ’নৰ বাহিৰতো বিভিন্ন কাম–কাজত প্রতিৰোধ লগোৱাৰ সুযোগ পাব৷ নাইবা পৰিস্থিতিয়ে দাবী কৰিলে নিষেধাজ্ঞাও আৰোপ কৰিব পাৰিব ৰাজ্য চৰকাৰসমূহে৷ নতুন নির্দেশনা অনুসৰি আন্তঃৰাজ্যিক বাছ সেৱাৰ ক্ষেত্রত যাতায়াতৰ ক্ষেত্রত কোনো লোক বা বিভিন্ন সামগ্রী পৰিবহণত নিষেধাজ্ঞা নাথাকিব৷ এনে ধৰণৰ কাম–কাজৰ বাবে পৃথকে কোনো অনুমতি, অনুমোদন বা ই–পার্মিট লাভ কৰাৰ প্রয়োজন নাই বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ অৱশ্যে এইক্ষেত্রতো পৰিস্থিতিৰ পর্যালোচনা কৰি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে নিজাববীয়াকৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ যাত্রীবাহী, শ্রমিক ৰে’ল, ঘৰুৱা বিমান সেৱা, বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকৰ গৃহভূমিলৈ প্রত্যাৱর্তন, বিদেশী নাগৰিকক উদ্ধাৰ আদি কামবোৰ এছ’পি অনুসৰি চলি থাকিব৷

সেইদৰে কোনো ৰাজ্য বা কেন্দ্রীয়শাসিত অঞ্চলৰ প্রশাসনে মালবাহী ৰে’ল, ট্রাক, কার্গ’ বিমানৰ যাতায়াতত সীমান্তত বাধা প্রদান কৰিব নোৱাৰিব বুলি ঘোষণা কৰা হৈছে নতুন নির্দেশাৱলীত৷ পূর্বৰ দৰে ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ নাগৰিক, বিভিন্ন শাৰীৰিক সমস্যাত ভোগা লোক, গর্ভৱতী মহিলা আৰু ১০ বছৰ তলৰ বয়সৰ শিশুক ঘৰতে থকাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ একমাত্র জৰুৰী বা স্বাস্থ্যজনিত কাৰণতহে এনে লোকসকলক ঘৰৰ বাহিৰলৈ ওলোৱাৰ পৰামর্শ আগবঢ়াইছে চৰকাৰে৷ বিভিন্ন কাম–কাজত নিয়োজিত কর্মচাৰীসকলক আৰোগ্য সেতু ম’বাইল ফোনত ইনষ্টল কৰাৰ পৰামর্শও আগবঢ়োৱা হৈছে এই পঞ্চম পর্যায়ৰ লকডাউন তথা আনলক–১ৰ নির্দেশাৱলীত৷ স্মর্তব্য যে দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ৰ অধীনত জাৰি কৰা এই নির্দেশনাৱলী কেন্দ্র আৰু ৰাজ্যসমূহে উলংঘা কৰিব নোৱাৰে আৰু জিলা দণ্ডাধীশসকলে ইয়াক কার্যকৰী কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰিব পাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে৷ লক্ষণীয়ভাৱে বৃহৎ সমাৱেশত থাকিব নিষেধাজ্ঞা৷ বিয়াৰ দৰে মাংগলিক অনুষ্ঠানত সর্বাধিক পঞ্চাশগৰাকী অতিথি সমৱেত হ’ব পাৰিব৷ অন্ত্যেষ্টিক্রিয়া বা শেষকৃত্যত ২০গৰাকীতকৈ অধিক লোকৰ সমাগমত থাকিব নিষেধাজ্ঞা৷ নির্দেশাৱলী উলংঘা কৰিলে প্রশাসনে পূর্বৰ দৰে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷

You might also like