নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ জুনৰ পৰা খুলিব সকলো ধৰ্মীয়স্থান-উপাসনাস্থলী

নিয়মীয়া বাৰ্তা, ৩১ মেঃ সামাজিক দূৰত্ব বৰ্তাই ৰাখি কাইলৈৰ পৰা ৰাজ্যত প্ৰায় স্বাভাৱিক হ’ব জনজীৱন। কণ্টেইনমেণ্ট জ’নক বাদ দি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে UNLOCK-1। ৮ জুনৰ পৰা খুলিব সকলো ধৰ্মীয় অনুষ্ঠান তথা উপাসনাস্থলী। আনহাতে স্কুল-কলেজ খোলাৰ ক্ষেত্ৰটো ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব। জুলাই মাহৰ ভিতৰতেই স্কুল-কলেজ খোলাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

আনহাতে সমগ্ৰ দেশতে খুলিব হোটেল-ৰেষ্টুৰেণ্ট, শ্বপিং মল। চিনেমা হল, জীম, ছুইমিং পুল, পাৰ্ক, পৰিস্থিতি চাই খোলাৰ সিদ্ধান্ত। সামাজিক, ৰাজনৈতিক, ধৰ্মীয় অনুষ্ঠান পতাৰ সন্দৰ্ভতো লোৱা হ’ব সিদ্ধান্ত। আন্তঃৰাজ্যিক যাতায়াত সেৱা আৰম্ভ হ’ব। আভ্যন্তৰীণ বিমানসেৱাও লগতে ৰাজ্যসমূহৰ মাজত সাামগ্ৰী সৰবৰাহো আৰম্ভ হ’ব।

You might also like