নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত অভূতপূৰ্ব খৰাং : বৰষুণৰ বাবে ভেকুলীৰ বিয়া

বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ অভূতপূৰ্ব খৰাঙে দহিছে বিশ্বনাথৰ বিস্তৃীৰ্ণ অঞ্চল। চেগা চোৰোকাকৈ ৰাজ্যৰ আন স্থানত বৰষুণ হ’লেও বিশ্বনাথত দীৰ্ঘদিন ধৰি বৰষুণ নাই। ধূলিয়ৰি বাট-পথ,শুষ্ক-লঙঠা বৃক্ষকূলে এতিয়া এটোপাল বৰষুণৰ অপেক্ষাত অধীৰ। এনে অনাবৃষ্টিয়ে আগ্ৰাসন  কৰা বিশ্বনাথৰ আদৰ্শ গড়েহাগী গাঁৱৰ ৰাইজৰ উদ্যোগত সম্পন্ন হৈছে ভেকুলী বিয়া।অসমীয়া সমাজ জীৱনৰ পৰম্পৰাৰ দৰেই বিয়াৰ দৰেই ৰীতি নীতিৰে আদৰ্শ গড়েহাগী গাঁৱৰ ৰাইজে কালি  সম্পন্ন  কৰিলে ভেকুলী বিয়া। দৰাচলতে খৰাং বতৰত ৰাজ্যৰ লগতে বিশ্বনাথত ৰাইজে বহু সমস্যাত ভুগিবলগিয়া হৈছে। সমগ্ৰ অঞ্চলটোত খেতিয়ক সকলে কৃষিৰ বাবে প্ৰয়োজন হোৱা পানীৰ বাবে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু প্ৰকৃতি যেন কৃষকসকলৰ ওপৰত সন্তুষ্ট নহয়। ফলত এনে অনাবৃষ্টিয়ে এতিয়া গছ বন শুষ্ক কৰি তুলিছে। পশু-পক্ষীৰ এতিয়া পানী খাবলৈ অভাব হৈছে। কৃষিজীৱী লোকৰ  খেতিপথাৰ পৰ্যন্ত শুকাইছে।গাৱঁৰ ৰাস্তা ঘাট সম্পূৰ্ণ বালিময় হৈ পৰিছে।সেয়ে  গাঁৱখনৰ ৰাইজে প্ৰকৃতিক সন্ত্তষ্ট কৰিবলৈ গ্ৰহণ কৰিলে এই পদক্ষেপ। কাৰণ ভেকুলীৰ বিয়া পাতিলে বৰষুণ দিয়ে বুলি এক জন বিশ্বাস আছে।এয়া কৃষিজীৱী লোকৰ সাধাৰণ অভিজ্ঞতা।বিয়া পতাৰ আনন্দত ভেকুলীয়ে টোৰটোৰালে খৰাং বতৰতো বৰষুণ হয় বুলি অসমৰ কৃষিজীবি ৰাইজে অতীতৰ পৰা বিশ্বাস কৰি আহিছে। কালি গাৱঁৰ ৰাইজে দুটাকৈ খহুলা ভেকুলী ধৰি এজনী কন্যা আৰু এটাক দৰা সজাই  কালি বিবাহ অনুষ্ঠান সম্পন্ন কৰা হয়। আয়তী সকলে সম্পূৰ্ণ অসমীয়া নিয়মৰেই পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ পেঁপা, ঢোল,তাল আদি বজাই গাঁও ফুৰায়। শেষত পুখুৰীৰ পানীত এৰি দিয়ে। গাঁৱৰ ৰাইজ আশাবাদী যে এই বিয়াৰ পিছতে ৰাইজৰ পানীৰ অভাব দূৰ হ’ব, পুনৰ সেউজীয়া হৈ পৰিব সমগ্ৰ গাঁৱৰ লগতে সমগ্ৰ ৰাজ্য।

প্ৰেৰক জয়ন্ত বৰা

You might also like