নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত মাছ–মাংসৰ অস্বাভাৱিক দাম বৃদ্ধি; নিয়ন্ত্রণহীন অসাধু ব্যৱসায়ী–নির্বিকাৰ প্রশাসন

নিয়মীয়া বাৰ্তা, ৬ জুনঃ  ক’ৰোনা প্রতিৰোধী যুঁজত চামিল হৈ চৰকাৰ–প্রশাসনক সহযোগ কৰি অহা মহানাগৰিকক মাধমাৰ শোধাইছে একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে৷ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীত দ্রুতগতিত সংক্রমণ বৃদ্ধি পোৱা ক’ভিড–১৯ৰ পৰা নিজৰ লগতে সমাজখনক ৰক্ষা কৰাৰ বাবে উপার্জনৰ পথ ত্যাগ কৰি একপ্রকাৰ গৃহবন্দী হৈ থকা মহানগৰবাসী আৰু ৰাজ্যবাসীক অত্যাৱশ্যকীয় সামগ্রীৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি কৰি অসাধু ব্যৱসায়ীসকলে কেঁকোৰা চেপা দিছে৷
আনহাতে গুৱাহাটীত ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ বাবে বিশেষ গোট গঠন কৰি মাত্র অভিযানতে দায়িত্ব সামৰিছে কামৰূপ জিলা প্রশাসন তথা গুৱাহাটী পৌৰ নিগমে৷ লকডাউনৰ সময়ছোৱাত সীমিত যান–বাহন চলাচলৰ অজুহাতত বজাৰত সামগ্রীৰ কৃত্রিম নাটনি দেখুৱাই মহানগৰীত প্রায়বোৰ সামগ্রীৰ দাম দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ অন্যান্য সামগ্রীৰ কথা বাদেই, মহানগৰীৰ মাছ–মাংসৰ বজাৰ নিয়ন্ত্রণত চূড়ান্ত ব্যর্থ হৈছে কামৰূপ (ম) জিলা প্রশাসন৷ ক’ৰোনা প্রতিৰোধী লকডাউনৰ আৰম্ভণিৰে পৰা একাংশ অসাধু ব্যৱসায়ীয়ে প্রশাসনৰ নির্দেশনা উলংঘাৰে মহানগৰীত চ’ৰাদামত মাছ–মাংস বিক্রী কৰি আছে যদিও এইসকলক নিয়ন্ত্রণ কৰাত ব্যর্থ হৈছে বিভাগীয় কর্তৃপক্ষ৷ বিভাগীয় কর্তৃপক্ষৰ ব্যর্থতাৰ সুযোগ গ্রহণ কৰি যোৱা প্রায় দুমাহ ধৰি মহানগৰবাসীক মাছ–মাংস যোগান ধৰাৰ নামত মাধমাৰ শোধাই আহিছে এইসকল ব্যৱসায়ীয়ে৷
প্রাপ্ত তথ্য মতে, মহানগৰীৰ বজাৰত প্রতিকেজি ছাগলীৰ মাংস ৮০০–৯০০ টকা, প্রতিকেজি লোকেল কুকুৰা ৫০০–৫৫০ টকা, গোটা ব্রইলাৰ প্রতিকেজি ২২০–২৫০ টকা, টকা ব্রইলাৰ প্রতিকেজিত ২৮০–৩০০ টকা দৰত বিক্রী কৰিছে৷ বিশেষকৈ বেলতলা, ছয়মাইল, হাতীগাঁও, পাঞ্জাবাৰী, গণেশগুৰি, নুনমাটি, নাৰেংগী, উজান বজাৰ, ফটাশিল আমবাৰী অঞ্চলত মাংসৰ দাম অসাধু ব্যৱসায়ীসকলে দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে ঠাই বিশেষে মাংসৰ দাম সামান্য তাৰতম্য হোৱা দেখা গৈছে৷ একেদৰে থলুৱা মাছৰ নামতো অসাধু ব্যৱসায়ীসকলে গ্রাহকৰ মূৰত ৰামটাঙোন শোধাইছে৷ মহানগৰীৰ বজাৰত ৰৌমাছ ৩৫০–৪০০ টকা, ভকুৱা ৬০০–৬৫০ টকা, আঁৰি ১,০০০–১,২০০ টকা, বৰালি ৯০০–১,০০০ টকা প্রতিকেজিত বিক্রী কৰাৰ লগতে শ’ল, শাল, কাৱৈ, গৰৈ আদি মাছৰ দামো পূর্বৰ তুলনাত দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত মহানগৰবাসীক মাছ–মাংস যোগান ধৰাৰ বাবে জিলা প্রশাসনে বিশেষ পদক্ষেপ গ্রহণ কৰি ঘৰে ঘৰে মাছ–মাংস যোগানৰ বাবে কিছু ব্যৱসায়ীক অনুমতি প্রদান কৰিছিল৷
লকডাউনৰ নীতিৰ মাজতে ঘৰে ঘৰে স্বাস্থ্যসন্মত মাংস–মাছ যোগান ধৰাৰ বাবে ব্যৱসায়ীসকলক অনুমতি প্রদান কৰে যদিও প্রশাসনৰ নীতি ভৰিৰে মোহাৰি অসাধু ব্যৱসায়ীসকলে অলিয়ে–গলিয়ে সামাজিক দূৰত্ব নমনাকৈ বিক্রী কৰিছে মাছ–মাংস৷ মন কৰিবলগীয়া এয়ে যে প্রশাসনৰ অনুমতিপ্রাপ্ত ব্যৱসায়ীসকলৰ প্রতিকেজি ছাগলীৰ মাংস ৬৫০ টকা, ব্রইলাৰ (গোটা) ১৩০ টকা, (কটা) ১৫০ টকাত বিক্রী কৰাৰ নির্দেশ দিছিল৷ তদুপৰি নির্দিষ্ট দামত মহানগৰবাসীক মাংস যোগান ধৰাৰ বাবে প্রশাসনে অসম পশুধন আৰু হাঁহ–কুকুৰা নিগমক বিশেষ কর্তৃত্ব দিছিল৷ ইয়াৰ মাজতে মহানগৰীৰ বজাৰত অকর্তৃত্বশীলভাৱে মাংস বিক্রী কৰা ব্যৱসায়ীসকলক নিয়ন্ত্রণৰ বাবে প্রশাসনে গুৱাহাটী পৌৰ নিগম আৰু অসম পশুধন হাঁহ–কুকুৰা নিগমৰ একাংশ বিষয়ববীয়াক লৈ এক বিশেষ সমিতি গঠন কৰিছিল৷ জিলা প্রশাসনৰ এই বিশেষ সমিতিখনে বজাৰত অভিযান চলায়ে দায়িত্ব সামৰিছে বুলি একাংশ ভুক্তভোগী গ্রাহকে অভিযোগ কৰে৷

গুৱাহাটীত মাছ–মাংসৰ বর্তমান মূল্য (প্রতিকেজিত)

  • ছাগলী মাংস ৮০০–৯০০ টকা
  • লোকেল কুকুৰা মাংস ৫০০–৫৫০ টকা
  • গোটা ব্রইলাৰ মাংস ২২০–২৫০ টকা
  • কটা ব্রইলাৰ মাংস ২৮০–৩০০ টকা
  • ৰৌমাছ ৩৫০–৪০০ টকা
  • ভকুৱা মাছ ৬০০–৬৫০ টকা
  • আঁৰি মাছ ১,০০০–১,২০০ টকা
  • বৰালি মাছ ৯০০–১,০০০ টকা
You might also like