নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : শিক্ষা, সাহিত্য আৰু প্ৰকাশন উদ্যোগলৈ হৰিনাৰায়ণ দত্ত বৰুৱাই আগবঢ়োৱা অৱদানে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ আন এক মাত্ৰা কঢ়িয়াই আনিছিল । শিক্ষা, সংস্কৃতি আৰু মুদ্ৰণ-প্ৰকাশন জগতলৈ অনন্য অৱদান আগবঢ়াই থৈ গৈছে সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাই । অসমৰ বৈষ্ণৱ সাহিত্যৰ সংগ্ৰহ, সম্পাদনা আৰু প্ৰকাশনত হৰিনাৰায়ণ দত্ত বৰুৱাই অকল্পনীয় অৱদান আগবঢ়াই থৈ গৈছে । সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ নলবাৰীৰ খাটাবাৰীৰ সমাধিস্থলীত আবক্ষ মূৰ্তি উন্মোচন কৰি এই মন্তব্য কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ।
সত্ৰাধিকাৰগৰাকীয়ে পুনৰ কয়- সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাই মহাপুৰুষ দুজনাৰ সম্পূৰ্ণ ৰচনাৰাজিৰ সংকলন আৰু অন্যান্য ধর্মগ্ৰন্থ আৰু স্কুলীয়া পাঠ্যপুথিৰ প্ৰকাশনৰ জৰিয়তে অসমীয়া জাতিলৈ এক স্মৰণীয় অৱদান আগবঢ়াই থৈ গৈছে । তেওঁ ভালেসংখ্যক অসমীয়া মাধ্যমৰ পাঠ্যপুথি আৰু শংকৰ-মাধৱৰ কৰ্মৰাজি প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰাত অৱদান আগবঢ়াইছিল বুলিও মন্তব্য কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷ অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত খুলিছিল ‘বৰুৱা এজেন্সী’, ‘শ্ৰীগুৰু প্ৰেছ’ আৰু ‘দত্তবৰুৱা এণ্ড কোম্পানী’ ।
অসমৰ প্ৰখ্যাত প্ৰকাশক পাঠ্যপুথি প্ৰণেতা আৰু শংকৰী সাহিত্যৰ গৱেষক, সম্পাদক হৰিনাৰায়ণ দত্ত বৰুৱাৰ নলবাৰীৰ খাটাবাৰীৰ গৃহৰ সমাধিস্থ কৰা স্থানত বার্ষিক পালনামৰ লগত সংগতি ৰাখি সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱা পৰিয়ালৰ লোকে নিৰ্মাণ কৰি উলিওৱা আবক্ষ মূৰ্তিটো বিভিন্নজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ।
সমাজকৰ্মী বিনয় দত্তই আঁত ধৰা আৰু দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত কুমাৰ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সমাজকৰ্মী সুনীল ভূষণ চৌধুৰীয়ে ।
আবক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ জীৱন কৃতি আলোকপাত কৰে । প্ৰাচীন কামৰূপীয়া কায়স্থ সমাজৰ মুখ্য সম্পাদক মদন চন্দ্ৰ দত্তই পৰিৱেশন কৰা ভাগৱত পাঠেৰে শুভাৰম্ভ কৰা হয় আবক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানটো।
পালনামৰ প্ৰধান আচাৰ্য উমেশ কলিতা, শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সভাপতি দীনেশ দত্ত, অৱসৰী প্ৰশাসনিক বিষয়া অমৰেন্দ্ৰ বৰুৱা, পুত্ৰ জ্যোতীন্দ্র দত্ত বৰুৱা, ডাউন টাউন ইউনিভাৰ্ছিটীৰ আচাৰ্য ডা: নৰেন্দ্ৰ নাথ দত্ত, মনোৰমা দত্ত বৰুৱাকে ধৰি পৰিয়ালটোৰ বিভিন্নজন লোক, আত্মীয় তথা বহুসংখ্যক শুভাকাংক্ষী-গুণমুগ্ধ উপস্থিত থাকে অনুষ্ঠানটোত ।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা