নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেমব্ৰিজ ইণ্টাৰনেচনেলৰ SHEAC-ৰ সদস্য মনোনীত ড০ উপাসনা মহন্ত

এই কাউন্সিলৰ সদস্য হিচাপে মনোনীত হোৱা ড০ মহন্ত হৈছে প্রথম ভাৰতীয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মে’ : কেমব্ৰিজ ইণ্টাৰনেচনেলৰ SHEAC ৰ সদস্য মনোনীত ড০ উপাসনা মহন্ত। আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ জিলিকি উঠিছে আন এগৰাকী অসম কন্যা৷ কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্রেটেজিক হায়াৰ এডুকেচন এডভাইছ’ৰী কাউন্সিল Strategic Higher Education Advisory Council (SHEAC)ৰ সদস্য হিচাপে মনোনীত হৈছে অধ্যাপক ড০ উপাসনা মহন্ত৷

শিৱসাগৰৰ প্রয়াত অধ্যাপক শৰৎ মহন্ত আৰু মীনা মহন্তৰ কন্যা হৈছে ড০ উপাসনা মহন্ত৷ কেম্ব্রিজ ইণ্টাৰনেচনেলৰ এই কাউন্সিলৰ সদস্য হিচাপে মনোনীত হোৱা ড০ মহন্ত হৈছে প্রথম ভাৰতীয়৷ উল্লেখ্য যে জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰি ড০ মহন্তই পৰৱর্তী সময়ত ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰে৷ দিল্লী ইউনিভাৰচিটিৰ অধীনস্থ মিৰাণ্ডা হাউছৰ পৰা তেওঁ ৰাজনৈতিক বিজ্ঞান বিষয়ত অনার্চসহ স্নাতক ডিগ্রী লাভ কৰে৷

পৰৱর্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰে ড০ মহন্তই৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা এমফিল আৰু কানাডাৰ ইউনিভাৰচিটি অৱ ব্রিটিছ কলম্বিয়াৰ চেণ্টাৰ ফৰ উইমেন এণ্ড জেণ্ডাৰ ষ্টাডিজৰ পৰা শাস্ত্রী ডক্টৰেল ফেল’ তেওঁ লাভ কৰে৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা তেও পিএইচডি ডিগ্রী লাভ কৰে৷ সম্প্রতি ড০ মহন্ত অ’ পি জিন্দাল গ্ল’বেল বিশ্ববিদ্যালয়ত নামভর্তি আৰু আউটৰিচ্চ ডীন হিচাপে কর্মৰত৷ বিশ্ববিদ্যালয়খনৰ নামভর্তি প্রক্রিয়া তথা শৈক্ষিক দিশ সকলো শিক্ষার্থীৰ বাবে উপলব্ধ কৰোৱাৰ ক্ষেত্রত তেওঁ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়াই আহিছে৷

ড০ মহন্ত জিন্দাল গ্ল’বেল আইন বিদ্যালয়ৰ এগৰাকী অধ্যাপকো৷ এই বিদ্যালয়ত তেওঁ ৰাজনীতি বিজ্ঞান, আন্তঃৰাষ্ট্রীয় সম্পর্ক, লিংগ আৰু সংঘাত তথা গৱেষণা পদ্ধতি আদি বিষয়ত শিক্ষাদান কৰি আহিছে৷ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্রীয় সম্পর্কৰ লগতে মহিলা তথা লিংগ অধ্যয়নৰ ক্ষেত্রত বিশেষ পাৰদর্শিতা থকা ড০ মহন্তই কেইবাখনো আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠানত বত্তৃণতা প্রদান কৰি বিশেষ সমাদৰ লাভ কৰিছে৷

শৈক্ষিক ক্ষেত্রখনত বিশেষ ব্যুৎপত্তি থকা এইগৰাকী অসম কন্যা কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্রেটেজিক হায়াৰ এডুকেচন এডভাইছ’ৰী কাউন্সিলৰ সদস্য হিচাপে মনোনীত হোৱাত ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে৷ তেওঁ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্ত আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তৰ কনিষ্ঠ ভগ্ণী৷

You might also like