সমাগত লোকপিয়লে নির্ণয় কৰিব অসমৰ ভাগ্য
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ উদ্যোগত আজি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত সাংগঠনিক সভা অনুষ্ঠিত হয়৷ সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ অন্তর্গত নগাঁও, মৰিগাঁও, হোজাই জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদকসহ অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত এই সাংগঠনিক সভা অনুষ্ঠিত হয়৷ সাহিত্য সভাৰ নগাঁৱৰ আঞ্চলিক কার্যালয়ৰ সম্পাদক মৃণাল হাজৰিকাই আঁত ধৰা সভাত অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মাই কয়– ক’ভিড প্রট’কলৰ মাজতে অসম সাহিত্য সভাই সাংগঠনিক কাম–কাজ শক্তিশালী ৰূপত গঢ়ি তোলাৰ লগতে অসমৰ জাতীয় জীৱনৰ সন্মুখত দেখা দিয়া সমস্যাসমূহ সমাধানৰ বাবে নিৰলস প্রচেষ্টা চলাই আহিছে৷ অসমীয়া জাতীয় জীৱনলৈ অহা প্রত্যাহ্বানৰ কথা উল্লেখ কৰি শর্মাই কয়– সমাগত ২০২১ৰ লোকপিয়লৰ সময়ত আমি সকলো সতর্ক হৈ থাকিব লাগিব৷ সতর্ক নহ’লে অসমীয়া ভাষা বিপন্ন হ’ব৷ অসমীয়াভাষী সংখ্যালঘুত পৰিণত হ’ব৷ সমাগত লোকপিয়লে আমাৰ ভাগ্য নিয়ন্ত্রণ কৰিব বুলি মন্তব্য কৰি শর্মাই কয়– সাহিত্য সভাৰ প্রতিজন কর্মীয়ে এইক্ষেত্রত এতিয়াৰ পৰা সতর্ক আৰু সচেতনাৰে কাম কৰিব লাগিব৷ লোকপিয়লত যাতে অসমীয়াভাষীৰ সংখ্যা বৃদ্ধি হয় তাৰ বাবে সকলোৱে অতি সতর্কতাৰে আত্মনিয়োগ কৰিব লাগে৷ প্রসংগ ক্রমে তেওঁ কয়– প্রত্যেকটো জনগোষ্ঠীৰ নিজৰ নিজৰ ভাষা–সংস্কৃতি বিকাশ কৰাৰ অধিকাৰ আছে৷ এনে পৰিৱেশতেই অনৈক্যৰ মাজত ঐক্য সৃষ্টি কৰি অসমীয়া ভাষা–সংস্কৃতিক শক্তিশালী কৰি তুলিব লাগিব৷ নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ ৰ বিষয়ে উল্লেখ কৰি শর্মাই কয়– ‘কা’ আমি নামানো৷ অসম সাহিত্য সভাই আৰম্ভণিৰ পৰাই ‘কা’ৰ বিৰোধিতা কৰি আহিছে৷ এই স্থিতিৰ পৰা আমি বিচলিত নহওঁ৷ অসমৰ সকলো জাতীয় সংগঠনৰ দৰে অসম সাহিত্য সভাই ‘কা’ৰ বিৰোধিতা কৰি যাব৷ আমি কেতিয়াও অসমীয়া ভাষা–সংস্কৃতি বিপন্ন হ’বলৈ নিদিওঁ৷ উল্লেখ্য যে অসম সাহিত্য সভাৰ আঞ্চলিক কার্যালয়ৰ নগাঁৱত অনুষ্ঠিত এইখনেই প্রথম সাংগঠনিক সভা৷ ইয়াৰ পাছত আন আঞ্চলিক কার্যালয়ৰ উদ্যোগতো এনে ধৰণৰ সভা অনুষ্ঠিত কৰা হ’ব বুলি প্রধান সম্পাদক যাদৱ শর্মাই জানিবলৈ দিয়ে৷ সভাই কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰে৷