উজনি–উত্তৰ অসমত নির্বাচনৰ গৰম বতাহঃ প্রচাৰত মিত্রজোঁটৰ চমক–নিস্তেজ মহাজোঁট
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ মাজত মাত্র ১১টা দিন বাকী৷ নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে উজনি অসম আৰু উত্তৰ অসমত নির্বাচনৰ গৰম বতাহ বলিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে প্রথম পর্যায়ত নির্বাচন হ’বলগীয়া ৪৭টা সমষ্টিত প্রচাৰাভিযান অব্যাহত ৰাখিছে৷ পিছে নির্বাচনী প্রচাৰৰ ক্ষেত্রত মিত্রজোঁটে চমক সৃষ্টি কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁট এইক্ষেত্রত যথেষ্ট স্তিমিত হৈ ৰৈছে৷ বিশেষকৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলে যিদৰে নির্বাচনী প্রচাৰত উবুৰি খাই পৰিছে, তাৰ বিপৰীতে কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰসকলে প্রচাৰকার্যত নিয়োজিত হোৱা পৰিলক্ষিত হোৱা নাই৷ পৰহি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী অসমলৈ আহি কেইবাখনো নির্বাচনী সমাৱেশত অংশগ্রহণ কৰাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নাজিৰা আৰু মার্ঘেৰিটাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰে৷ আজি পুনৰ অমিত শ্বাহ অসমলৈ আহি টাউন হল প্রগ্রেমত অংশগ্রহণ কৰি নির্বাচনী প্রচাৰকার্য চলায়৷ একেদৰে কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙেও ইতিমধ্যে অসমত নির্বাচনী ৰণডংকা বজাইছে৷
সোমবাৰে দিনটোত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ঢ়কুৱাখনা সমষ্টিৰ এম ভি ফিল্ড, চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ আই বি ফিল্ড আৰু বৰছলা সমষ্টিৰ বৰভগীয়া উচ্চতৰ মাধ্যমিক খেলপথাৰত তিনিখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ একেদৰে আজি মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে নাহৰকটীয়া, দুলীয়াজান, ডিব্রুগড়ত তিনিখনকৈ নির্বাচনী সমাৱেশত ভাগ লয়৷ চৌহানৰ সৈতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো উপস্থিত থাকে৷ তদুপৰি মুখ্যমন্ত্রী সোণোৱালে মাহমৰা আৰু ডুমডুমাত আজি দুখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্য–শিক্ষা– বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰ দিনটোত বিহালী, গহপুৰ আৰু লখিমপুৰ সমষ্টিত নির্বাচনী প্রচাৰকার্য চলায়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও আজি সৰভোগ–পাটাছাৰকুছ্ সমষ্টিত দলৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ মুঠতে বিজেপিৰ প্রতিজন ষ্টাৰ কেম্পেইনাৰ প্রথম পর্যায়ৰ নির্বাচনী প্রচাৰকার্যত উবুৰি খাই পৰা দেখা গৈছে৷ অহা ১৮ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমলৈ আহি নির্বাচনী প্রচাৰ চলাব৷ সেইদৰে মিত্রদল অগপয়ো প্রচাৰকার্য তীব্রতৰ কৰি তুলিছে৷ দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ নেতৃত্বই ধাৰাবাহিক ৰূপত প্রচাৰকার্য অব্যাহত ৰাখিছে৷
ইপিনে, কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ নির্বাচনী প্রচাৰকার্য প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেল, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আদিৰ মাজতেই সীমাবদ্ধ হৈ থকা দেখা গৈছে৷ ষ্টাৰ কেম্পেইনাৰ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা, ড০ মনমোহন সিং আদিৰ ভ্রমণসূচী এতিয়াও চূড়ান্ত হোৱা নাই বুলি কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়ে৷ আজিৰ দিনটোত ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে শদিয়া, নাজিৰা আৰু ডিব্রুগড় সমষ্টিত নির্বাচনী প্রচাৰ চলায়৷ সেইদৰে সাংসদ গৌৰৱ গগৈয়ে আজি আমগুৰি আৰু মৰাণ সমষ্টিত, প্রদ্যুৎ বৰদলৈয়ে মাহমৰা আৰু সোণাৰি সমষ্টিত নির্বাচনী প্রচাৰ চলায়৷ আনহাতে, বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কাইলৈৰ পৰা নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰিব৷ কাইলৈ তেওঁ এ আই চি চিৰ সম্পাদক অনিৰুদ্ধ সিঙৰ সৈতে ঢ়েকীয়াজুলি সমষ্টিত নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷ ঢ়েকীয়াজুলি সমষ্টিৰ বালাবাৰীত এখন ৰাজহুৱা সমাৱেশত তেওঁ অংশগ্রহণ কৰিব৷
নাজিৰাৰ মেকীপুৰত কংগ্রেছৰ নির্বাচনী সমাৱেশত
ভূপেশ ৱাঘেলঃ সোণোৱাল চৰকাৰে কেৱল ছিণ্ডিকেটৰহে উন্নয়ন ঘটাইছে
‘সকলোৰে আনন্দ সর্বানন্দ’ বুলি প্রচাৰ কৰি শাসনৰ গাদীত বহাৰ পাছত সকলোৰে আনন্দ নিৰানন্দহে হৈ পৰিছে৷ বিজেপি চৰকাৰ অহাৰ পাছত অসমত চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰত পৰিণত হ’ল৷ চৰকাৰখনে সর্বসাধাৰণ জনগণৰ উন্নয়নৰ পৰিৱর্তে বিজেপিৰ মন্ত্রী–বিধায়ক, নেতা–পালিনেতাসকলৰ্ উন্নয়ন সাধন কৰিলে৷ বর্তমান ৰাজ্যখনৰ সর্বত্র কয়লা, কাঠ, শিল, চুপাৰি আদিৰ ছিণ্ডিকেট চলি আছে৷ আজি নাজিৰাৰ মেকীপুৰত কংগ্রেছ দলৰ প্রার্থী দেৱব্রত শইকীয়াৰ হৈ নির্বাচনী প্রচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে সোণোৱাল চৰকাৰক তেনেদৰে সমালোচনা কৰি কয় যে ইংৰাজ দেশৰ পৰা বিতাড়িত হোৱাৰ দৰে এইবাৰ বিধানসভা নির্বাচনত বিজেপি অসমৰ পৰা আৰু পৰৱর্তী পর্যায়ত দেশৰ পৰাই অপসাৰিত হ’ব৷ কংগ্রেছে যি প্রতিশ্রুতি দিয়ে, তাক আখৰে আখৰে পালন কৰে৷ কিন্তু বিজেপিয়ে প্রতিশ্রুতি দি প্রতাৰণা কৰে৷ বিজেপি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আদিয়ে নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি কেনেদৰে পালন কৰিছে, সেয়া অসমৰ ৰাইজে দেখিছে৷ জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ কথা কৈ ‘কা’ৰ জৰিয়তে জাতি–ভাষা–সংস্কৃতি নিঃশেষ কৰাই নহয়, বাংলাদেশক অসমৰ ভূমি হস্তান্তৰ, বণিয়াক অসমৰ মাটি গতাই বিজেপিয়ে জনসাধাৰণক চৰম প্রতাৰণা কৰিছে৷ এই প্রচাৰ সভাখনত সমষ্টিটোৰ প্রার্থী দেৱব্রত শইকীয়াৰ লগতে সাংসদ আব্দুল খালেক, প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰ, প্রাক্তন মন্ত্রী ড০ হেমপ্রভা শইকীয়া আদিয়েও উপস্থিত থাকে৷ আজিৰ এই নির্বাচনী প্রচাৰ সভাতেই নির্বাচনী গীতৰ এলবাম এটা ৱাঘেলে উন্মোচন কৰে৷
দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রকাশ
অহা ১ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে নিখিল ভাৰত কংগ্রেছ কমিটীয়ে ৩০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রকাশ কৰিছে৷ ষ্টাৰ কেম্পেইনাৰসকল হৈছে– ছোনিয়া গান্ধী, ড০ মনমোহন সিং, ৰাহুল গান্ধী, মুকুল ৱাছনিক, ভূপেশ ৱাঘেল, অশোক গেহলট, প্রিয়ংকা গান্ধী ভদ্রা, জিতেন্দ্র সিং, ছলমান খুৰছিদ, অনিৰুদ্ধ সিং, নৱজোৎ সিং সিদ্ধু, মোহন প্রকাশ, ছাকিল আহমেদ, আদিত্য শর্মা, নাবাম টুকী, ৰামেশ্বৰ ওৰাণ, ৰিপুণ বৰা, দেৱব্রত শইকীয়া, পৱন সিং ঘাটোৱাৰ, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, সুস্মিতা দেৱ, আব্দুল খালেক, দীপা দাসমুন্সী, শর্মিষ্ঠা মুখার্জী, বন্ধু তির্কী, অপূর্ব ভট্টাচার্য আৰু কর্ণ ছেত্রী৷