নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএল নেতৃত্বাধীন চৰকাৰে বিটিআৰত উন্নয়নক নতুন গতি দিছে : প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাঁও কমিউনিটী হলত আজি পৰ্বতঝোৰা জিলা ইউ পি পি এলৰ উদ্যোগত কৰ্মী সভা অনুষ্ঠিত হয়। পৰ্বতঝোৰা জিলা ইউ পি পি এলৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্মই আঁত ধৰা কৰ্মীসভাখনত পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন ভিচিডিচি সভাপতিৰ লতে বিভিন্ন স্তৰৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। আজিৰ এই দলীয় কৰ্মীসভাত উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনত দলীয় কৰ্মীসকলক প্ৰস্তুত কৰাৰ বাবে বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ প্ৰদান কৰে। পিছত সাংবাদিকৰে হোৱা কথোপকথনত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয় যে যোৱা তিনিটা বছৰ ইউপিপিএল নেতৃত্বাধীন চৰকাৰে পূৰ্বেতে থকা অশান্ত পৰিৱেশৰ অৱসান ঘটাই এক শান্তিৰ পৰিৱেশ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। লগতে বিটিআৰ অঞ্চলত হাজাৰ হাজাৰ নিবনুৱাই বিনাপইচাত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। আনকি বিটিআৰৰ মুখ্য কাৰ্যবাহীজনে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিভিন্ন কাল্যাণকামী আঁচনি আৰু অসমৰ গতিশীল মুখ্যমন্ত্ৰীৰ কৰ্মনিপুণতাৰ বাবে সকলো দিশতে জয়যাত্ৰা আৰম্ভ হৈছে। আনহাতে বিভিন্ন শৈক্ষিক আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। পৰ্বতঝোৰাৰ ৰাইজে বৰ্তমানে উন্নয়নৰ লগতে সহযোগিতা আগবঢ়াই আগবাঢ়ি যাব বুলি দৃঢ়ভাবে মত ব্যক্ত কৰে।

প্ৰেৰক পাৰ্থসাৰথি চক্ৰবৰ্তী

You might also like