কুমাৰীকাটাত ইউপিপিএলৰ বিশাল যোগদান সভা
১১৩৮জনৰ ইউপিপিএলত যোগদান
সোতৰ বছৰীয়া শাসন কালত বিপিএফ সম্পূৰ্ণ বিফল
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী : বিগত সোতৰ বছৰীয়া শাসনকালত বিপিএফ দল সফল হব নোৱাৰিলে। ছাত্ৰ-ছাত্ৰী, খেতিয়ক, মহিলা আদিকে ধৰি সাধাৰণ মানুহৰ উন্নয়নৰ বাবে একো ভাল কাম কৰিব নোৱাৰিলে। বিপিএফ দল যোৱা সোতৰ বছৰে সম্পূৰ্ণ বিফল হৈছে।- এই ভাষ্য বিটিআৰপ্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ। তামুলপুৰ জিলাৰ অন্তৰ্গত ২৬ নম্বৰ দৰঙাজুলি ব্লক ইউপিপিএলৰ উদ্যোগত কুমাৰীকাটাত আজি অনুষ্ঠিত এখন বিশাল যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বড়োৱে এই মন্তব্য কৰে। তেওঁ পুনৰ কয় বিপিএফ দলে সোতৰ বছৰে সফল হব নোৱাৰিলেও আমি কিন্তু আমি মাত্ৰ তিনি বছৰৰ ভিতৰতে সফল হৈছোঁ। আমাৰ দলৰ প্ৰথম উদ্দেশ্য আছিল বিটিআৰত শান্তি স্থাপন কৰা। আজি বিটিআৰত স্থায়ী শান্তি স্থাপন হৈছে। ভয় শংকা আঁতৰ হৈছে । আমাৰ দ্বিতীয় উদ্দেশ্য আছিল নিৰাপত্তা। তাতো আমি সফল হৈছোঁ। আজি দিনে নিশাই বিটিআৰ অঞ্চলত মানুহে নিৰ্ভয়ে ঘুৰা ফুৰা কৰিব পৰা হৈছে। বিভিন্ন অনুষ্ঠান উৎসৱ আদি উলহ-মালহেৰে পালন কৰিব পৰা এক পৰিবেশ নিৰ্মাণ হৈছে। তৃতীয় উদ্দেশ্য আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত সমন্বয় গঢ়া। ইয়াত আমি পুৰামাত্ৰাই সফল হৈছোঁ। বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত সমন্বয়ৰ ভাৱ গঢ়ি উঠিছে। বড়োৱে আকৌ কয় যে বিটিআৰত এতিয়া সকলোৱে মুকলিকৈ কথা কব পাৰে। বিটিআৰত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে । গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিটিআৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আমাৰ আন এটা উদ্দেশ্য আছিল । ইয়াতো আমি সফল হৈছোঁ। আনহাতে কোনো ধৰণৰ ঘোচ নিদিয়াকৈ নিবনুৱা সকলক চাকৰি দিয়াটো আমাৰ আন এটা উদ্দেশ্য আছিল । এই ক্ষেত্ৰতো আমি ইতিমধ্যে সফল হৈছোঁ। বড়োৱে বিপিএফ দলক সমালোচনা কৰি কয় তিনি বছৰ আগলৈকে বিটিআৰত কোনেও কথা কব পৰা নাছিল । কথা কলেই ধৰি বান্ধি শাস্তি দিয়া হৈছিল। আনকি বিপিএফৰ দিনত সাংবাদিককো হত্যা কৰা হৈছিল। কিন্তু ইউপিপিএল বিজেপি মিত্ৰ দলৰ চৰকাৰৰ দিনত মানুহে মুক্ত মনে কথা কব পৰা এক পৰিবেশ সৃষ্টি হৈছে। হত্যা হিংসাৰ অৱসান হৈছে। প্ৰসংগক্ৰমে তেওঁ কয় অসমত পদুম ফুলাই থাকিব লাগিব। তেতিয়া আৰু অধিক উন্নয়ন হব। মহিলা সৱলীকৰণৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিভিন্ন আঁচনি যুগুত কৰি লোৱা বুলি উল্লেখ কৰি তেওঁ কয় বিপিএফ দলে মহিলা সকলক সূতা কম্বল দিছিল। আমি সূতা কম্বল দিছিল। আমি সূতা কম্বল দিয়া নাই। আমি আঁচনি দিছোঁ। মহিলা সকলৰ বাবে ৪০খন মাৰ্কেট বনাবলৈ লৈছোঁ। ইউপিপিএল নেতা মুজিব আলি আহমেদে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই ২০২৫ চনত ইউপিপিএল দলৰ নেতৃত্বততেই বিটিআৰত চৰকাৰ গঠন হব বুলি দৃঢ়তাৰে মন্তব্য কৰে। সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী আৰু শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ চন্দ্ৰ দাসেও ভাষণ ৰাখে। সভাত বিটিআৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাস আদিকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে। এই সভাতেই বিপিএফ দলকে ধৰি বিভিন্ন দল সংগঠনৰ ১১৩৮ গৰাকীয়ে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। আটাইকেইগৰাকীকে দললৈ উষ্ম আদৰণি জনোৱা হয়।
প্ৰেৰক ৰজনী বৰ্মন