নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচিত অসমীয়া মাধ্যমত পঢ়া নামৰূপৰ মানসজ্যোতিৰ সফলতা

নিয়মীয়া বাৰ্তা, ২৩ মেঃ ফলাফল ঘোষণা হ’ল কেন্দ্রীয় লোক সেৱা আয়োগ ২০২৩ৰ। ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ৮৮১ স্থান দখল কৰি  নামৰূপৰ মুকুন্দ দাস আৰু ৰীতা গগৈ দাসৰ পুত্ৰ মানস জ্যোতি দাসে নামৰূপলৈ কঢ়িয়ালে গৌৰৱ। নামৰূপ চহৰৰ পৰা প্ৰায়  এক কি. মি. দূৰৈত অৱস্থিত কমাৰগাঁৱৰ লোহাৰ দলং নিৱাসী মানসজ্যোতি দাস গ্ৰাম্যাঞ্চল দিৰিয়াল গাঁৱৰ  সৰু খেৰেমীয়া মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছৰ পয্যায়ত বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা  সকলো বিষয়তে লেটাৰ  নম্বৰ লৈ ক্ৰমে ২০১০ চনত  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০১২ চনত  উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ২০১৬ চনত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল  ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে এইজন মেধাবী ছাত্ৰই। ২০২২ চনত APSC পৰীক্ষাতো ৬৭সংখ্যক স্থানত উত্তীৰ্ণ হৈ বৰ্ত্তমানে লখিমপুৰ জিলাত কমিছনাৰ হিচাপে নিয়োজিত হৈ আছে। আজি কেন্দ্রীয় লোক সেৱা আয়োগৰ ফলাফল ঘোষণা হোৱাৰ পিছতে লখিমপুৰত কৰ্মৰত মানস জ্যোতি দাসৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কয় যে গ্ৰাম্যাঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয় আৰু অসমীয়া মাধ্যমৰ হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি  উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভৰি দিয়া মানস জ্যোতি দাসৰ  দেশৰ অসামৰিক সেৱা ক্ষেত্ৰ খনৰ ওপৰত কোনো সাৱলীল জ্ঞান নাছিল। ইঞ্জিনীয়াৰিং পঢ়ি থকা কালৰ পৰাহে তেওঁ ক্ষেত্ৰখনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ দিয়ে। আনহাতে অসমীয়া মাধ্যমত অধ্যয়ন কৰা মানস জ্যোতি দাসে  কয় যে ভাষা শিক্ষাৰ কেতিয়াও অন্তৰায় হব নোৱাৰে। আমি  ইংৰাজী  ভাষাৰ ওপৰত গুৰুত্ব দিবই লাগিব যদিও মাতৃ ভাষাই শিক্ষণৰ ক্ষেত্ৰত সহায়ক হে হব বুলি জানিবলৈ দিয়ে।

প্ৰেৰক স্মৃতিৰেখা কলিতা

You might also like