নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসাৰ ‘ভোকেল ফ’ৰ ল’কেল’ শ্ল’গান : ধুবুৰীৰ বজাৰত বহিঃৰাজ্যৰ সামগ্ৰী

🔹 হতাশাত পদপথত দোকান দিয়া ক্ষুদ্ৰ ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : দীপাৱলীৰ প্ৰাক্মূহূৰ্তত এতিয়া মূৰে-কপালে হাত দিয়াৰ দৰে অৱস্থা হৈছে পদপথত দোকান দিয়া ধুবুৰীৰ মাটিৰ চাকিৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ। গ্ৰাহকৰ আশানুৰূপ সঁহাৰি নাপাই হতাশাত ভুগিছে তেওঁলোক। ইয়াৰ বিপৰীতে ধুবুৰীৰ বজাৰত উপচি পৰা বিভিন্ন ধৰণৰ চাইনীজ সামগ্ৰীকে ধৰি বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন ধৰণৰ ইলেকট্ৰিক বাল্ব আদি কিনিবলৈ ক্ৰেতাৰ আগমন ঘটা দেখা গৈছে। ফলত স্বাভাৱিকভাৱেই স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰে দীপাৱলী উদযাপন কৰাৰ ”ভোকেল ফ’ৰ ল’কেল” শ্ল’গানটো ধুবুৰীত বাস্তৱত কেৱল এক শ্ল’গানত পৰিণত হোৱা বুলিহে উচ্চাৰিত হৈছে। বহিঃৰাজ্যৰ বিভিন্ন ধৰণৰ ইলেকট্ৰিক বাল্বজাতীয় সামগ্ৰীৰ সমান্তৰালকৈ ধুবুৰীৰ বজাৰ উভৈনদী হৈ পৰিছে বহিঃৰাজ্যৰ বিভিন্ন ধৰণৰ ফটকা আৰু আতচবাজীৰে। ইয়াৰে মাজতে আকৌ ধুবুৰীত এচামে সৰ্বোচ্চ ন্যায়ালয়ে নিষিদ্ধ ঘোষিত কৰা ফটকা আৰু নিষিদ্ধ ৰাসায়নিক সামগ্রীৰে নিৰ্মিত আতচবাজী মুকলিভাৱে বিক্ৰী কৰি থকা বুলি বিভিন্নজনে সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে। তাৰেই পৰিপ্ৰেক্ষিতত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰত ফটকা ব্যৱসায়ীয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলিছে নে নাই, সেয়া নিৰীক্ষণৰ বাবে প্ৰশাসনে কোনোধৰণৰ পদক্ষেপ লৈছে নে নাই, সেই প্ৰশ্নও উত্থাপিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like