নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত শিল্পী মাইনা বেজবৰুৱালৈ ‘উশাহ’ৰ সহায়ৰ হাত

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : ভূমিষ্ঠ হৈয়েই আৰ্তজনলৈ নি:স্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়োৱা এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ নাম ‘উশাহ’ ৷ উশাহৰ সামাজিক মঞ্চখনক উৎসাহ আৰু প্ৰেৰণা ভৰা আশা-প্ৰত্যাশাৰ থলীত পৰিণত কৰা ভাল এজাক উদ্যমী ডেকাই ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক আপ্ত বাক্যশাৰীক সাৰোগত কৰি এগৰাকী জনপ্ৰিয় শিল্পীক সঞ্জীৱনী শক্তি প্ৰদানৰ বাবেই ওলাই আহিল ৰাজপথলৈ ৷ মঙলবাৰে শিৱসাগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শিৱসাগৰৰ প্ৰতিভাৱান তবলাবাদক বিশ্বজ্যোতি বেজবৰুৱা ওৰফে মাইনা বেজবৰুৱাৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহ কৰে সংস্থাটোৱে। উশাহৰ সভাপতি পংকজ খাউণ্ড আৰু সম্পাদক সত্যজিৎ নাথৰ নেতৃত্বত যোৱা সংগ্ৰহকাৰী দলটোত জনপ্ৰিয় কণ্ঠশিল্পী মনোজ বড়া, নৱ চাংমাই, ৰাজেন্দ্ৰ যোশী, কুঞ্জন নেওগ, ব্ৰজেন ফুকন, যোগেন গগৈ, প্ৰাচুৰ্য গগৈ, ৰাজদ্বীপ বৰুৱা, আক্ৰাম হুছেইন, গৌৰীশংকৰ দাস, অভিনৱ দত্ত, আলোক আকাশ, মিলন মিলিকে ধৰি জিলাখনৰ বহুকেইগৰাকী ভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।দিনটোত সংগ্ৰহ হোৱা অৰ্থ বিয়লি মাইনা বেজবৰুৱাৰ অৰ্জুনগুৰিৰ বাসগৃহত পৰিবাৰৰ হাতত চমজাই দিয়ে ‘উশাহ’ৰ বিষয়ববীয়াই। উল্লেখ্য যে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হোৱা বাদ্যশিল্পীগৰাকীক চিকিৎসাৰ বাবে প্ৰয়োজন যথেষ্ট পৰিমাণৰ অৰ্থৰ। তেনেক্ষেত্ৰত বাদ্যশিল্পীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি অহা ‘উশাহ’ৰ এনে মানৱদৰদী কৰ্মক এতিয়া একমুখে শলাগিছে সকলোৱে। মাইনা বেজবৰুৱাক সহায়ৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে উশাহৰ বিষয়ববীয়াসকলে। উশাহৰ কৰ্মকৰ্তাসকলে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শিল্পীগৰাকীক উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like