নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ওস্তাদ জোহৰ আলী খানৰ সংগীতানুষ্ঠান

বিশেষ বাৰ্তা, ২৫এপ্ৰিলঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ’ ৰ উদ্যোগত আৰু SPICMACAYৰ সহযোগত আজি এক সংগীতানুষ্ঠান সম্পন্ন হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ৰংঘৰ’ ৰংগমঞ্চত বিয়লি ৬ বজাৰপৰা অনুষ্ঠিত এই অনুষ্ঠানত ভায়’লিন বাদনেৰে উপস্থিত শিক্ষক সমাজ, বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে দেশৰ আগশাৰীৰ ভায়লিনবাদক ওস্তাদ জোহৰ আলী খানে। শিল্পীগৰাকীক তবলাত সহযোগ কৰে তবলাবাদক উজ্জ্বল ৰায়ে। এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই। উদ্বোধনী ভাষণত উপাচাৰ্যগৰাকীয়ে SPICMACAY ৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত মুখ্য ভূমিকা পালন কৰা ‘আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ’ৰ সঞ্চালক প্ৰাধ্যাপক ড° কল্যাণ ভূঞা আৰু আয়োজক সমিতিৰ সদস্যসকলৰ শলাগ লয়। অনুষ্ঠানটোৰ আদৰণী ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ’ৰ সঞ্চালক প্ৰাধ্যাপক ড° কল্যাণ ভূঞাই। শলাগৰ শৰাই আগবঢ়াই আয়োজক সমিতিৰ সদস্য ৰাজু নন্দীয়ে। উল্লেখ্য যে দেশৰ ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ সৈতে সংগতি ৰাখি SPICMACAY এ দেশৰ ভিন্ন প্ৰান্তৰত যুৱ প্ৰজন্মৰ মাজত ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু সংস্কৃতিৰ প্ৰসাৰৰ ওপৰত গুৰুত্বাৰোপ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছিল ওস্তাদ জোহৰ আলি খানৰ সংগীতানুষ্ঠান।

প্ৰেৰক বিভাস দুৱৰা

You might also like