নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউএছটিএমৰ পাহাৰ খনন : তদন্তৰ বাবে আহিব ছুপ্রিম ক’ৰ্ট -ৰ বিশেষ কমিটী

🔹 ইউএছটিএমৰ পাহাৰ খনন : তদন্তৰ বাবে আহিব ছুপ্রিম ক’ৰ্ট -ৰ বিশেষ কমিটী

বিশেষ বাৰ্তা, ৬ জুন : গুৱাহাটীৰ কৃত্রিম বানৰ মূল কাৰণ হিচাপে দেখা দিয়া মেঘালয়ৰ পাহাৰ খননক লৈ এইবাৰ তদন্ত আৰম্ভ কৰিব উচ্চতম ন্যায়ালয়ৰ বিশেষ কমিটীয়ে৷ শেহতীয়াকৈ ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজী মেঘালয়, চমুকৈ ইউএছটিএমে অবাধ পাহাৰ খনন কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা যথেষ্ট সৰৱ হৈছিল৷ ৰাজ্যিক বিশ্ববিদ্যালয়খনে জধে–মধে পাহাৰ কটাৰ ফলতে মেঘালয়ৰ পানী বৈ আহি জুৰিপাৰ, ত্রিপুৰা ৰোড, ৰুক্মিণীগাঁও, বৰাগাঁও আদিকে ধৰি এক বৃহৎ অঞ্চলত সৃষ্টি কৰি আহিছে কৃত্রিম বান৷

ইউএছটিএমৰ এনে কার্যৰ বিপৰীতে কিন্তু যোৱা সময়ছোৱাত নীৰৱ ভূমিকা গ্রহণ কৰি আহিছে মেঘালয় চৰকাৰে৷ বিষয়টোক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল এক আবেদন৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে ইউএছটিএমৰ পাহাৰ কটা কার্যৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন কমিটী গঠন কৰিছে৷ উচ্চতম ন্যায়ালয়ত এই বিষয়টোক লৈ এজন ব্যক্তিয়ে আবেদন কৰিছিল৷

উক্ত আবেদনৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ে মেঘালয় চৰকাৰ আৰু অসম চৰকাৰলৈ জাননী প্রেৰণ কৰিছে৷ সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ৰ এম্পাৱাৰ কমিটীকো জাননী দিছে৷ গতিকে উচ্চতম ন্যায়ালয়ৰ এম্পাৱাৰ কমিটীয়ে নিশ্চিতভাৱে অসম তথা মেঘালয়লৈ আহিব আৰু তেওঁলোকে তদন্ত কৰিব৷ মুখ্যমন্ত্রীয়ে কয়– কৃত্রিম বানৰ এই বিষয়টোক লৈ আমি বহু দিন চেষ্টা কৰি আছিলোঁ৷ যাতে উচ্চতম ন্যায়ালয়ে তদন্ত কৰে৷ এতিয়া আমি সেই কামত আগবাঢ়ি যাব পাৰিছোঁ আৰু মেঘালয় চৰকাৰেও আমাক একেলগে সেই কাম কৰাৰ প্রতিশ্রুতি দিছে৷ গতিকে মই ভাবোঁ যে অহা দুই–তিনি বছৰৰ ভিতৰত নিশ্চয়কৈ পৰিৱেশ উন্নত হ’ব৷

উল্লেখ্য যে শেহতীয়াকৈ সীমা বিবাদক লৈ অসম আৰু মেঘালয়ৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত গুৱাহাটীৰ কৃত্রিম বানৰ প্রসংগ উত্থাপন হৈছিল৷ অসম চৰকাৰে সমগ্র বিষয়টো মেঘালয় চৰকাৰৰ ওচৰত তথ্যসহকাৰে দাঙি ধৰাৰ লগতে এই দিশত চুবুৰীয়া ৰাজ্যখনৰ সহযোগিতা বিচাৰিছিল৷ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই ইউএছটিএমকে ধৰি মেঘালয়ৰ কেইখনমান পাহাৰত চলা খননৰ বিষয়টোৰ প্রতি দৃষ্টি আকর্ষণ কৰি এইক্ষেত্রত অসমক কিধৰণে সহায় কৰিব পাৰে, সেই দিশত পদক্ষেপ গ্রহণৰ আশ্বাস দিছিল৷

You might also like