বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উন্নত পুষ্টিৰ সুবিধা প্ৰদানৰ বাবে অতি সোনকালে সপ্তাহত এবাৰ হ’লেও মধ্যাহ্ন ভোজনত বাজৰা পৰিৱেশন কৰা হ’ব পাৰে। ভাৰত চৰকাৰে একেটা বৰ্ষৰ বাবে প্ৰস্তাৱ উত্থাপন কৰি FAO (Food and Agriculture Organisation) গৱৰ্নিং বডীৰ সদস্যসকলে, লগতে ৭৫সংখ্যক অধিৱেশনেও অনুমোদন জনোৱাৰ পিছত ২০২৩ বৰ্ষটোক ‘আন্তঃৰাষ্ট্ৰীয় বাজৰা বছৰ’ হিচাপে নিৰ্ধাৰণ কৰা হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ। উত্তৰ প্ৰদেশৰ বিদ্যালয় শিক্ষাৰ সঞ্চালকপ্ৰধানে কয় যে, “মধ্য দিনৰ আহাৰত বাজৰাৰ প্ৰৱৰ্তন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ সৈতে অতি সোনকালে আমি বৈঠকত মিলিত হ’ব”। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন প্ৰদানৰ দায়িত্বত থকা উত্তৰ প্ৰদেশৰ মিড ডে মিল অথৰিটিয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিছে যে সমগ্ৰ ৰাজ্যৰ ১.৪২ লাখ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বাজৰা ভিত্তিক খাদ্য পৰিবেশন কৰা হ’ব। পৰিকল্পনা অনুসৰি মধ্যাহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীক হয় চাপাতি বা বজৰাৰে তৈয়াৰী খিচিৰি দিয়া হ’ব। খাদ্যৰ লগত শাক-পাচলি বা মুগ দাইল দিয়া হ’ব। ইয়াৰ বাবে মিড ডে মিল অথৰিটিয়ে আনুমানিক ৬২ হাজাৰ মেট্ৰিক টন বাজৰা ক্ৰয় কৰিব লাগিব। বৰ্তমান সপ্তাহত ছয় দিন শিশুক শাক-পাচলি বা প্ৰ’টিনৰ সৈতে ঘেঁহু বা চাউল ভিত্তিক ব্যঞ্জন পৰিবেশন কৰা হয়। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কৃষি মন্ত্ৰীয়ে মধ্যাহ্ন ভোজন কাৰ্যসূচীত বাজৰাৰ অন্তৰ্ভুক্তিৰ পৰিকল্পনা ঘোষণা কৰিছিল। মধ্যাহ্ন ভোজন কাৰ্যসূচীৰ বাবে বাজৰাৰ যোগান ধৰাৰ বাবে ভাৰতীয় খাদ্য নিগমলৈও এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে। যদিহে এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰে আৰু প্ৰয়োজনীয় পৰিমাণ ক্ৰয় কৰে তেন্তে গ্ৰীষ্মকালীন ছুটীৰ পিছত অতি সোনকালে এই পৰিকল্পনা কাৰ্যকৰী কৰা হ’ব বুলি শিক্ষা বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়ে। বৰ্তমানলৈকে উত্তৰ প্ৰদেশত মধ্যাহ্ন ভোজনৰ বাবে মুঠ বাজেট প্ৰায় ৩,০০০ কোটি। ইয়াৰ ৬০ শতাংশ খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰে আৰু বাকীখিনি ৰাজ্যই বহন কৰে। বিশেষজ্ঞসকলৰ মতে বাজৰাত পুষ্টিকৰ উপাদানৰ লগতে অত্যাৱশ্যকীয় যৌগও ঘন আৰু ই ঘেঁহু বা চাউলতকৈ উন্নত খাদ্য বিকল্প হিচাপে কাম কৰে। লক্ষ্ণৌৰ ডায়েটিচিয়ান এগৰাকীয়ে কয় যে, “বাজৰা বৰ্তমান আমাৰ ঘৰত খাদ্যৰ বিকল্প নহয়। গতিকে, বিশেষকৈ ইয়াৰ সোৱাদ আৰু টেক্সচাৰ বেলেগ হোৱাৰ বাবে বাজৰাক বিদ্যালয়ত শিশুৰ বাবে খাদ্য হিচাপে প্ৰৱৰ্তন কৰাটো এক প্ৰত্যাহ্বান হ’ব।” এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিক্ষকসকলক বাজৰাৰ উপকাৰিতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বিয়পোৱাৰ দায়িত্ব অৰ্পণ কৰিছে। শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে, “শিক্ষকসকলক বাজৰাৰ উপকাৰিতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সচেতন কৰিবলৈ কেইবাটাও ইন্টাৰেক্টিভ কাৰ্য্যকলাপ হাতত ল’বলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত তেওঁলোকৰ মাজত শস্যৰ গ্ৰহণযোগ্যতা নিশ্চিতভাৱে বৃদ্ধি পাব।” উত্তৰ প্ৰদেশ চৰকাৰেও এইবাৰ ৰাজ্যত বাজৰাৰ উৎপাদন আৰু ব্যৱহাৰৰ প্ৰসাৰৰ বাবে ১১০ কোটিতকৈ অধিক ব্যয় কৰিব বুলি ঘোষণা কৰিছে।