নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত ভি মাৰ্টৰ প্ৰৱঞ্চনাৰ জাল

🔹 গ্ৰাহকৰ অজ্ঞাতে এম আৰ পিতকৈ অধিক দাম লোৱাৰ গুৰুতৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : শিৱসাগৰ জিলাৰ দুখনকৈ আগশাৰীৰ চৰকাৰী বিদ্যালয়ৰ সমীপতে পৌৰসভাৰ ৰহস্যজনক বুজাবুজিৰ ভিত্তিত অনুমতিৰে ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হোৱা ভি মাৰ্ট নামৰ আগশাৰীৰ বহুজাতিক শ্বপিং ম’লে দিনৰ পোহৰতে সাধাৰণ গ্ৰাহকক ৰামঠগন দিয়া ঘটনাই শিৱসাগৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সকলো চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি গ্ৰাহকৰ সাংবিধানিক অধিকাৰ ভূ-লুন্ঠিত কৰি সাধাৰণ গ্ৰাহকৰ পৰা এম আৰ পিতকৈ অধিক দাম আদায় কৰাক লৈয়ে সৃষ্টি হৈছে চাঞ্চল্য ৷ গ্ৰাহকৰ সৰলতাৰ সুযোগ লৈ অতি সংগোপনে চলাই অহা নগৰৰ বৰ্ডিং ৰোডৰ ভি মাৰ্ট নামৰ শ্বপিং ম’লৰ এনে কাৰচাজি এতিয়া পোহৰলৈ অহাৰ পিছতেই গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আন নালাগে, ভি মাৰ্টৰ জালিয়াতি পোহৰলৈ অনা জয়ন্ত বৰা নামৰ গ্ৰাহকগৰাকীয়ে ইতিমধ্যে গ্ৰাহক সুৰক্ষা সংস্থাত গোচৰ দাখিলৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তৰ ওচৰতো এই সন্দৰ্ভত তথ্য প্ৰমাণসহ অভিযোগ দাখিলৰ বাবে সাজু হৈছে ৷ প্ৰাপ্ত বাতৰি মতে, জয়ন্ত বৰা নামৰ এগৰাকী গ্ৰাহকে আনদিনাৰ দৰে কালি সন্ধিয়াও নগৰৰ বৰ্ডিং ৰোডত থকা ভি-মাৰ্ট নামৰ শ্বপিং ম’লত বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিছিল ৷ কেইবাপ্ৰকাৰৰো ঘৰুৱা ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ উভতি অহা গ্ৰাহকগৰাকীয়ে ঘৰত কম্পিউটাৰৰ পৰা উলিয়াই দিয়া শ্লিপৰ সৈতে সামগ্ৰীৰ মূল্যৰ অমিল পোৱাত সন্দেহ হয় ৷ শ্লিপত উল্লেখিত মূল্যৰ বিপৰীতে সামগ্ৰীত উল্লেখিত এম আৰ পিতকৈ অধিক পোৱাত ভালদৰে সামগ্ৰীসমূহ পৰ্য্যবেক্ষণ কৰাত পোহৰলৈ আহে ভয়ংকৰ বিসংগতি ৷ জয়ন্ত বৰাই সংবাদ মাধ্যমৰ সন্মুখত তথ্য প্ৰমাণসহ অভিযোগ কৰি কয় যে এডনিল নামৰ ৫৮ টকাৰ সামগ্ৰীবিধৰ দাম কম্পিউটাৰ শ্লিপত ৯০ টকা বুলি উল্লেখ কৰি দাম আদায় লৈছে ৷ লগে লগেই সচেতন গ্ৰাহকগৰাকীয়ে ভি মাৰ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰাত প্ৰথম অৱস্থাত অস্বীকাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত স্বীকাৰ কৰিবলৈ বাধ্য হয় ৷ প্ৰতিষ্ঠানটোৰ পৰিচালকগৰাকীয়ে সংবাদ মাধ্যমক এয়া কম্পিউটাৰৰ যান্ত্ৰিক বিজুতি বুলি সকলো দোষ কম্পিউটাৰৰ  ঠেলি দি ভি – মাৰ্ট কৰ্তৃপক্ষক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলায়৷ ইফালে, সংবাদ মাধ্যমৰ তৰফৰ পৰা পূৰ্বৰে পৰা চলি অহা এই মূল্য জালিয়াতি তথা অনিয়মৰ বলি হোৱা দুৰ্ভগীয়া গ্ৰাহকসকলক ন্যায় দিবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশ্ন কৰাত এয়া যান্ত্ৰিক বিজুতি বুলিয়েই বিষয়টোত গা এৰা দিবলৈ চেষ্টা চলায় ৷অৱশ্যে ভুক্তভোগী গ্ৰাহক জয়ন্ত বৰাই এয়া প্ৰকাশ্যে গ্ৰাহকৰ সাংবিধানিক অধিকাৰ ভূলুন্ঠিত কৰি সাধাৰণ গ্ৰাহকৰ সৰলতা-অজ্ঞ্তা-বিশ্বাসযোগ্যতাৰ সুযোগ লৈ চলাই অহা মহালুন্ঠন বুলি অভিযোগ কৰাৰ লগতে এনে প্ৰতিস্থানৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ- প্ৰশাসনৰ প্ৰতি দাবী জনাইছে ৷ অসামৰিক খাদ্য আৰু যোগান বিভাগৰ সৈতে দহৰম-মহৰম থকা শিৱসাগৰস্থিত শ্বপিং ম’লসমুহত উপলব্ধ সামগ্ৰীৰ গুণগত মানৰ প্ৰতিও বহু সময়ত প্ৰশ্নৰ সৃষ্টি হৈ আহিছে ৷ ৰং-বিৰঙৰ লাইট-আলোকসজ্জা-ৰাজকীয় আদৱ কায়দাৰে পৰিচালিত একাংশ শ্বপিং ম’লত অতি নিম্নমানৰ সামগ্ৰীকো ৰহস্যজনকভাৱে এম আৰ পিৰ ষ্টিকাৰ লগাই গ্ৰাহকক ৰামঠগন দি অহাৰো বিস্ফোৰক অভিযোগ উত্থাপন হৈ আহিছে ৷ অভিযোগ দিলেহে সাময়িক তৎপৰতা অৱলম্বন কৰা এনে শ্বপিং মলসমুহ কিদৰে পৰিচালিত হৈছে, গ্ৰাহকৰ বাবে সকলো সুবিধা উপলব্ধ আছে নে নাই, এই বিষয়সমূহ পৰীক্ষাৰ বাবে কিন্তু প্ৰশাসন কিম্বা যোগান বিভাগ ৰহস্যজনকভাৱে নিশ্চুপ ৷ তেনেস্থলত সাক্ষ্য-প্ৰমাণসহ সকলো উদঙাই দিয়াৰ পিছত শিৱসাগৰ জিলা উপায়ুক্তগৰাকীয়ে গ্ৰাহকক লুন্ঠন চলোৱা ভি মাৰ্টক নাকী লগায় নে বৰপীৰা পাৰি দিয়ে, সেয়া হব লক্ষণীয় ৷

 

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like