অবিশ্বাস্য! এযোৰ আমৰ মূল্য ৩ লাখ টকাঃ কিন্তু অসমৰ কত আছে এই আমবিধ
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ হোজাইৰ কাকীত বিশ্বৰ আটাইতকৈ মূল্যবান আমৰ প্ৰজাতি ইগ অফ চান (Egg of Sun)। কাকী বালিসত্ৰ গাঁৱৰ এগৰাকী চি আৰ পি এফ জোৱানে কলিকতাৰ পৰা আনি নিজৰ ঘৰত ৰোপণ কৰিছে আমবিধ। ফলৰ ৰজা আম। আপুনি মই হয়তো বহু আম দেখিছোঁ নাইবা খাইছো কিন্তু আজি আমি কবলৈ লৈছোঁ বিশ্বৰ আটাইতকৈ মূল্যবান আম ইগ অফ ছানৰ কথা। যি বিধ আমৰ প্ৰতিযোৰা আমৰ মূল্য তিনি লাখ টকা।অৱশ্যে এয়া আমি কোৱা কথা নহয় ইন্টাৰনেটৰ মাধ্যম গুগলত উল্লেখ থকা তথ্যহে। হয় আৰু এই মূল্যবান আম বিধৰ সাধাৰণতে জাপানত মূল্য অধিক যদিও এই আমবিধৰ খেতি এতিয়া হোজাইৰ কাকীত আৰু এই ব্যক্তিক্ৰমী আমবিধ চাবলৈ এতিয়া বিভিন্নজনে ভিৰ কৰিছেহি গাঁওখনত।
প্ৰেৰক কিশলয় দেৱগোস্বামী