নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা ভিডিপি কৰ্মীৰ, আৰক্ষী চকীত গোচৰ

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : কৰ্মক্ষেত্ৰত যুৱতী-মহিলাৰ সুৰক্ষা তথা নিৰাপত্তাৰ দাবীত দেশজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে কাছাৰৰ ধলাই সমষ্টিৰ লায়লাপুৰত এক জঘন্য ঘটনা সংঘটিত হৈছে । এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলায় এগৰাকী গাঁওৰক্ষী বাহিনীৰ কৰ্মীয়ে । জানিব পৰা মতে, ভিডিপি কৰ্মীয়ে ধৰ্ষণৰ চেষ্টা চলায় এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ।ছাত্ৰীৰ পিতৃয়ে লম্পট ভিডিপি কৰ্মী মায়াজুল আলী লস্কৰৰ বিৰুদ্ধে লায়লাপুৰ আৰক্ষী পোষ্টত গোচৰ তৰে । নিৰ্যাতিতাৰ পিতৃৰ বক্তব্য- তেওঁৰ ১৪ বছৰীয়া ছোৱালীয়ে স্কুলত যোৱাৰ সময়ত মায়াজুলৰ দোকানৰ পৰা কলম কিনিব গৈছিল । দোকানত সোমোৱাৰ পাছত মায়াজুলে ছাত্ৰীগৰাকীৰ মুখত চেপি ধৰি ভিতৰত লৈ যায় । পিছত ছাত্ৰীগৰাকীয়ে কোনোমতেহে দোকানৰ পৰা ওলাই আহে । পাছত ছাত্ৰীগৰাকীয়ে স্কুলত আহি তেওঁৰ শিক্ষকক গোটেই ঘটনা অৱগত কৰে। স্কুলৰ পৰা তেওঁৰ ঘৰত জনোৱা হয় । পাছত মায়াজুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় । নিৰ্যাতিত ছাত্ৰী আৰু তেওঁৰ পিতৃয়ে ন্যায় বিচাৰৰ দাবী জনায় । উক্ত ঘটনা কাৰোবাক জনালে ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়া বুলিও নিৰ্যাতিত ছাত্ৰীগৰাকীয়ে জনায়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like