নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ ঘণ্টাৰ বাবে সুলভ হ’ল শাক-পাচলি, মাছ-মাংস

🔹 সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত য়ুথ এণ্ড ইক ক্লাবৰ উদ্যোগত বাণিজ্য মেলা
নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : লখিমপুৰ জিলাৰ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ য়ুথ এণ্ড ইক’ ক্লাবৰ উদ্যোগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে আজি  দুঘণ্টাজোৰা এক বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত কৰা হয় ৷ ক্ৰেতা-বিক্ৰেতাৰ মাজৰ যোগাযোগ সম্পৰ্কীয় দক্ষতাৰ উমান কণ কণ ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল পৰ্যায়তে দিয়াৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা হয় বিশেষ বাণিজ্য মেলাৰ ৷ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ  ছাত্ৰ-ছাত্ৰীসকলে আমাৰ মাটি আমাৰ বজাৰৰ শ্লোগান দি নিজা ঘৰতে উৎপাদিত শাক-পাচলি, হাঁহ-কুকুৰা, ছাগলী, গাহৰি, কোমোৰা, কবি, বিলাহী, বেঙেনা, মাছ-মাংস , খৰিচা পানীটেঙা, বেটগাজ নলটেঙা, ঝাড়ু খেৰহুটা, বাঢ়নী ফুলদানি আদি সকলো ধৰণৰ খাদ্য আৰু ব্যৱহাৰযোগ্য সামগ্ৰী অভিভাৱকৰ সহযোগত কঢ়িয়াই আনি  বিদ্যালয়ৰ  খেলপথাৰত প্ৰায় ডেৰশ বিপণীৰে অনুষ্ঠিত কৰা হয়। ২ ঘণ্টাজোৰা  বিশেষ বজাৰত সুলভ মূল্যত বস্তু কিনিবলৈ ভিৰ কৰে অঞ্চলটোৰ অগণন লোকে ৷ বিশেষকৈ বিদ্যালয়ৰ পুথিগত শিক্ষাৰ বিপৰীতে বাণিজ্যিক আৰু অৰ্থগত শিক্ষাৰ লগতে সামাজিক আৰু ব্যৱসায়িক দিশৰ সৈতেও ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ মহৎ উদ্দেশ্যে বিদ্যালয়ৰ শিক্ষক গোটৰ সহযোগত আৰু বিদ্যালয়ৰ য়ুথ এণ্ড ইক’ ক্লাবৰ উদ্যোগত গ্ৰহণ কৰা এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলৰ জনসাধাৰণে ৷ আনহাতে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ৰেতাৰ লগত পোনপটীয়াকৈ বস্তুৰ দৰ-দাম কৰি গ্ৰাহকক এনে সামগ্ৰী যোগান ধৰিবলৈ পাই উৎফুল্লিত হোৱাৰ লগতে ঘৰুৱা খাদ্য-সামগ্ৰী, শাক-পাচলি আদি কঢ়িয়াই আনি নিজেই গ্ৰাহকৰ লগত বস্তুৰ দৰ-দাম কৰি বিক্ৰী কৰি নিজে অৰ্থ সংগ্ৰহ কৰিবলৈ পাই সন্তোষিত হোৱা বুলিও মন্তব্য কৰে ৷

 

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like