নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত চোৰাং গৰুভৰ্তি গাড়ী জব্দ

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ দিনৰ পোহৰতে ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ বেহা৷ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়লৈ ৩৭নং ৰাষ্ট্ৰীয় পথেৰে গো মাফিয়াই চলাই আছে এই অবৈধ বেহা ৷ এনে সময়তে আজি দিনৰ ভাগত শিৱসাগৰৰ পৰা মেঘালয়লৈ ৪০টা গৰু কঢিয়াই লৈ গৈ থকা AS 01 NC 7286 নম্বৰৰ বাৰচকীয়া ট্ৰাকখন ৩৭নং ৰাষ্ট্ৰীয় পথত সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে৷ আনহাতে আজি পুৱতিনিশা ক্ষেত্ৰী আৰু যোৰাবাটতো AS 01 GC 0455  নম্বৰ  আৰু  NL 01 AB 4928  নম্বৰৰ বাৰচকীয়া গো ভৰ্তি গাড়ী দুখন ধেমাজিৰ পৰা মেঘালয়লৈ গৈ থকা পথতে ক্ষেত্ৰী আৰু যোৰাবাট আৰক্ষীয়ে  পৃথকে পৃথকে গৰুৰ সৈতে জব্দ কৰে ৷ সোণাপুৰত ৪০,  ক্ষেত্ৰীত ৩৬ আৰু যোৰাবাটত ৩৫টা  মুঠ ১১১টা চোৰাং গৰু আজি  জব্দ কৰে ৷ তিনিউখন ট্ৰাকৰে চালক হেন্দিমেন ক্ৰমে চাদ্দাম হুচেইন, চাদিকুল ইচলাম, মইনুল হক, ফুলচান মিঞা, আক্ৰামিন হুচেইন, মুস্তাবা আলিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷উল্লেখ্য যে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় পথেৰে  দিনে নিশাই কেনেকৈ  দৈনিক কাক মেনেজ কৰি মেঘালয়লৈ  সৰবৰাহ কৰি আছে এই চোৰাং গৰু সৰবৰাহ ৷ ৩৭নং ৰাষ্ট্ৰীয় পথেৰে আহোতে পথৰ কাষত কেইবাখনো  জিলাৰ বহু থানা অতিক্ৰম কৰি আহিব লগীয়া হয় ৷ তেনে ক্ষেত্ৰত সেই থানাবোৰৰ চকুত ধুলি দি কেনেকৈ সৰবৰাহ হৈ আছে চোৰাং গৰুৰ ৰমৰমীয়া কলা বেহা ৷ এয়াই এতিয়া সচেতন লোকৰ প্ৰশ্ন।

প্ৰেৰক ৰমেশ দাস

You might also like