নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ দক্ষিণপাটত চৰকাৰী চাউলসহ বাহন জব্দ : এজনক আটক

বিশেষ বাৰ্তা, ১৫অক্টোবৰঃ চৰকাৰী আঁচনিৰ সুলভ মূল্যৰ চাউলৰ এক বৃহৎ কলা বজাৰ গঢ়ি উঠিছে নগাঁৱত। এফ চি আইৰ গুদামৰ পৰা এই চাউল সমবায়ৰ জৰিয়তে সূলভ মূল্যৰ দোকানীৰ মাধ্যমেৰে হিতাধিকাৰীলৈ যোৱাৰ বিপৰীতে ক’লা ব্যৱসায়ীৰ গুদামলৈ যায় বুলি সঘণাই অভিযোগ উত্থাপিত হৈ আহিছে। এই অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে যদিও এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসন আৰু জিলা খাদ্য আৰু অসামৰিক গ্ৰাহক পৰিক্ৰমা বিভাগে ৰহস্যজনক ভাবে নিৰ্লিপ্ত ভুমিকা গ্ৰহণ কৰি আহিছে। এনে অভিযোগৰ মাজতে আজি দুপৰীয়া বেবেজীয়া আৰক্ষী চকীৰ আৰক্ষীয়ে এক অভিযান চলাই জিলা খনৰ দক্ষিণপাট সত্ৰৰ সমীপৰ এটা মিলত অবৈধভাবে মজুত কৰিবলৈ নিয়া ৭৬ বস্তা চৰকাৰী আঁচনিৰ চাউল জব্দ কৰে।আৰক্ষীয়ে চাউলৰ বস্তা সমূহ কঢ়িয়াই অনা এ এছ ০২ চিচি ৭৫৮৫ নম্বৰৰ ডি আই বাহন এখনো জব্দ কৰে।লগতে চৰকাৰী চাউল সৰবৰাহ কৰা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে পতুল আলী নামৰ এজন লোকক। হোজাই জিলাৰ ডবকালৈ চাউলৰ বস্তা সমূহ সৰবৰাহ কৰা সময়তে আৰক্ষীয়ে জব্দ কৰে চৰকাৰী চাউলৰ বেগ সমূহ।আটকাধীন লোকজন গেলামাল দোকানী বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বেও নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে এখন চাউল ভৰ্তি বাহন জব্দ কৰিছিল।

প্ৰেৰক কনক হাজৰিকা

You might also like