নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি গুৱাহাটীৰ ৰূপালী জয়ন্তী বৰ্ষ সমাৱৰ্তনত অংশগ্ৰহণ উপ-ৰাষ্ট্ৰপতিৰ

✅হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটো কামেৰে কৰি দেখুৱায়।
✅২০৪৭ চনৰ ভিতৰত বৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব ভাৰতে
✅ অসমলৈ আহি অভিভূত উপ-ৰাষ্ট্ৰপতিগৰাকী
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ “১৯৪৭ চনত স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষ‌ই ২০৪৭ চনৰ ভিতৰত পৃথিৱীৰ অন্যতম বৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব।” এই মন্তব্য দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ । উল্লেখ্য, জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৫সংখ্যক ৰূপালী জয়ন্তী বৰ্ষ সমাৱৰ্তন অনুষ্ঠানটি আজি শিক্ষা প্ৰতিষ্ঠান খনৰ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত সমাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে “আজাদী কা অমৃতকাল”ৰ লগত সংগতি ৰাখি কৰা এই ভৱিষ্যত বাণীত তুমুল হাত চাপৰিৰে আদৰণি জনায় সমাৱৰ্তন উপস্থিত থকা শিক্ষাৰ্থী, শিক্ষাগুৰু, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিভাৱক সকলে। ইফালে, অসম সম্পৰ্কে নিজৰ ধাৰণা ব্যক্ত কৰি উপ‌-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে‌ যে তেওঁ যেতিয়া পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে আছিল তেতিয়া অসমৰ সংস্কৃতি, সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ কথা ভালকৈ জানিছিল। পৰবৰ্তী সময়ত তেওঁ কামাখ্যা দেৱালয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আহোম ৰাজত্ব কালৰ মহাবীৰ লাচিত বৰফুকনৰ কথা জানিছিল। আৰু এতিয়া অসমলৈ আহি তেওঁ অভিভূত হৈ পৰা বুলি উল্লেখ কৰে। ইফালে, অসম’ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে উপ-ৰাষ্ট্ৰপতিগৰাকী। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কয় সেয়া কৰি দেখুৱায় । ২৪x৭ ৰ আৰ্হিত কাম কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ধাৰণা স্পষ্ট বুলি তেওঁ লগতে উল্লেখ কৰে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি আই আই টি গুৱাহাটীৰ সঞ্চালক ড০ পৰমেশ্বৰ আয়াৰে উল্লেখ কৰে যে ১৯৯৯ চনত আই আই টি গুৱাহাটীৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত ৬৩গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হৈছিল। বিগত ২৫ বছৰত IIT গুৱাহাটীৰ পৰা ২০০০০ৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰিছে। এই বছৰ প্ৰতিষ্ঠানটোৱে ২০১১গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব আৰু ইয়াৰে ১৬০৫জন পুৰষ আৰু ৪০৬গৰাকী হৈছে মহিলা। সমাবৰ্তনত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৃতী শিক্ষাৰ্থীসকলক জীৱনৰ পৰবৰ্তী সময়খিনিত ‌তেওঁলোকে অধ্যয়ন কৰা আই আই টি গুৱাহাটীৰ লগতে অসমখনক পাহৰি নাযাবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলে আহৰণ কৰা উচ্চ শিক্ষা দেশৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসম চৰকাৰে আই আই টি গুৱাহাটীৰ লগত একেলগে ৰাজ্যৰ শৈক্ষিক, স্বাস্থ্য আৰু বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতাৰে বহু কাম কৰিছে। ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই সমাবৰ্তনত অংশগ্ৰহণ কৰি কয় যে আই আই টি গুৱাহাটীয়ে শিক্ষাৰ্থী, গৱেষক, বিজ্ঞানী, শিক্ষাগুৰু,বিষয়া কৰ্মচাৰী‌সকলৰ মিলিত প্ৰচেষ্টাত আজি দেশৰ লগতে বিশ্বৰ বুকুত জিলিকি উঠিব সক্ষম হৈছে। আৰম্ভণিতে শিক্ষাপ্ৰতিষ্ঠানখনৰ “বৰ্ড অৱ গৱৰ্ণৰচ”ৰ অধ্যক্ষ ৰাজীৱ আই মোদীয়েও শুভেচ্ছামূলক ভাষণ আগবঢ়ায়। সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি গুৱাহাটীৰ  কম্পিউটাৰ বিজ্ঞান আৰু ইঞ্জিনীয়াৰিং বিভাগৰ ছাত্ৰ প্ৰডনেশ প্ৰসাদ কালকাৰক ৰাষ্ট্ৰপতি সোণৰ মেডেল, দিব্যম ছিগনেল আৰু হৰিটা এমক অসমৰ ৰাজ্যপালে সোণৰ মেডেল প্ৰদান কৰে।
প্ৰেৰক মুনীন ডেকা
You might also like